মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখা ব্যৱস্থা

পাণবজাৰত অৱস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ গাতে লাগি থকা বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখা ব্যৱস্থা

চহৰত সৃষ্টি হোৱা যানজত নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ‘এনএলচিপিআৰ’ ৰ অধীনত ১১ কোটি টকা ব্যয়সাপেক্ষে পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ গাতে লাগি থকাকৈ বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা ব্যৱস্থা গৃহ নিৰ্মাণ কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ‘এনএলচিপিআৰ’ ৰ অধীনৰ এই আঁচনিত MoDONER য়ে পুঁজি প্ৰদান কৰিছে। অনতিপলমে এই আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। ইয়াৰ নিৰ্মাণ কাৰ্য্য ছিমপ্লেক্স প্ৰাইভেট লিমিটেডে কৰি আছে। এই গাড়ী ৰখোৱা স্থানত এটা সময়তে একেলগে ২৫০ খন চাৰিচকীয়া গাড়ী ৰাখিব পৰা সুবিধা আছে।

শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত থকা বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা ব্যৱস্থা

চহৰত যানবাহনৰ ভিৰ হ্ৰাস কৰি স্বাভাৱিক অৱস্থা এটাৰ সৃষ্টি কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত ১৪.৩৮ কোটি টকা ব্যয়সাপেক্ষে বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা গৃহ নিৰ্মাণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। বিশেষ পৰিকল্পনা সাহাৰ্য্যৰ অধীনত এই আঁচনিৰ নিধি আগবঢ়োৱা হৈছে। এই আঁচনিৰ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ নিৰ্মাণ কাৰ্য্য ৰাম ৰত্ন ইনফ্ৰাচষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে সম্পন্ন কৰিছে। এই গাড়ী ৰখোৱা স্থানত এটা সময়তে ৩০২ খন চাৰিচকীয়া বাহন আৰু ২৫ খন দুচকীয়া বাহন ৰখোৱাৰ সুবিধা আছে।