এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি) য়ে পুঁজি আগবঢ়োৱা অসম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম (এইউআইআইপি) হৈছে অসম চৰকাৰৰ এক প্ৰধান নগৰ আন্তঃগাঁথনি উদ্যোগ। ইয়াৰ লক্ষ্য হৈছে গুৱাহাটী আৰু ডিব্ৰুগড় চহৰৰ নগৰীয়া পৰিৱেশৰ উন্নয়ন সাধন আৰু ইয়াত বসবাস কৰা জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। প্ৰথম কিস্তি ৫১ মিলিয়ন আমেৰিকান ডলাৰ আৰু দ্বিতীয় কিস্তি ১৪৯ মিলিয়ন আমেৰিকান ডলাৰ মুঠ ২০০ মিলিয়ন আমেৰিকান ডলাৰেৰে ২০১১ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে এছিয়ান ডেভেলপমেণ্ট বেংকে অসম আৰবান ইনফ্ৰাচষ্ট্ৰাকছাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম (এইউআইআইপি) ৰ বাবে মাল্টিট্ৰ্যান্স ফাইন্যান্সিং ফেচিলিটি (এমএফএফ) ৰ অনুমোদন জনায়।
নগৰ আন্তঃগাঁথনি আঁচনি অধিক কাৰ্য্যক্ষম কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এটি স্পেশ্যল পাৰপাছ ভিহীকল (এছপিভি) গঠন কৰে যি ‘অসম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট এজেন্সি’ চমুকৈ ‘এইউআইডিএমএ’ বুলি জনা যায় আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ দ্বাৰা সাহাৰ্য্যপ্ৰাপ্ত ‘অসম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰাম’ (এইউআইআইপি) ৰ সংসাধনৰ বাবে এই সংস্থা ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে চৰকাৰী জাননী নং GDD.224/2012/Pt-V/49 অনুসৰি পঞ্জীকৃত সমাজ ৰূপে জনাজাত হয়। ভৱিষ্যতে এই সংস্থাই বিভিন্ন উৎসৰ পুঁজি লাভ কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি/পৰিকল্পনা সমূহৰ কাৰ্য্য হাতত ল’বলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। ‘এইউআইডিএমএ’ ৰ মুখ্য কাৰ্য্যবাহী বিষয়াই ‘এইউআইআইপি’ ৰ আঁচনি সঞ্চালক হিচাপেও কাৰ্য্য সম্পাদন কৰিব পাৰে। ‘এইউআইডিএমএ’ ৰ শাসকবৰ্গৰ অধ্যক্ষ হিচাপে অসম চৰকাৰৰ মুখ্য সচিবে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু বছৰত দুবাৰকৈ সভাত মিলিত হয়। গুৱাহাটী উন্নয়ন বিভাগৰ সৰ্বোচ্চ সচিবে অধ্যক্ষতা কৰা ‘এইউআইডিএমএ’ ৰ এখন কাৰ্য্যবাহী সমিতি আছে আৰু এই সমিতিৰ সভা বছৰেকত চাৰিবাৰ অনুষ্ঠিত হয়।