৫০৯.৪১ লক্ষ টকাৰ আঁচনিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটীৰ উলুবাৰীৰ আৰ কে মিছন পথত বৈদ্যুতিক শৱদাহ গৃহ নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। আধুনিক সময়ৰ সকলোবোৰ শৱদাহ সুবিধাৰে সমৃদ্ধ এয়া হৈছে গুৱাহাটীত স্থাপনৰ আঁচনি গ্ৰহণ কৰা প্ৰথম বৈদ্যুতিক শৱ-সৎকাৰ ব্যৱস্থা।
১২/১/২০১৫ ইং তাৰিখে আঁচনিৰ নিৰ্মাণৰ কামৰ বাবে প্ৰশাসনীয় অনুমোদন লাভ কৰা হয়। ৪৭৪ লাখ টকাৰ নিবিদা মূল্যত এই কাম M/S Zeliezhu ক প্ৰদান কৰা হয়। ২০১৮ ৰ জানুৱাৰীত এই কাম সম্পূৰ্ণকৰণৰ লক্ষ্য স্থিৰ কৰা হয়।
মুখ্য কাৰ্য্যবাহী বিষয়া
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ,
তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং,
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ, ভঙাগড়,
গুৱাহাটী ৭৮১ ০০৫
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
ই-মেইল: ceogmdaghy@gmail.com