এয়া অতি সহজেই দৃষ্টিগোচৰ হয় যে গুৱাহাটী মহানগৰী বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। উদাহৰণ স্বৰূপে:
চহৰক স্পৰ্শ কৰিব পৰা বিভিন্ন দুৰ্যোগসমূহলৈ লক্ষ্য ৰাখি আৰু এই দুৰ্যোগসমূহ সংগঠিত হোৱাৰ সম্ভাৱনীয়তাৰ বিষয়টো বিবেচনা কৰি তলত উল্লিখিত দুৰ্যোগসমূহ গুৱাহাটীত হোৱাৰ আশংকা প্ৰকট হৈ উঠে:
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমিকা: যিকোনো দুৰ্যোগ সংঘটিত হোৱাৰ আগতে দুৰ্যোগে সূচনা কৰা ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণ কৰাৰ দিশত দায়িত্বশীল সংস্থা। এই পদক্ষেপ গ্ৰহণৰ জৰিয়তে উদ্ভৱ হোৱা দুৰ্যোগ প্ৰশমন কৰাৰ বাবে এই সংস্থাই প্ৰয়াস কৰে। ইয়াৰ উপৰিও এএছডিএমএ এনইএছএচি আৰু জিলা প্ৰশাসনৰ লগতে এয়া এক সংস্থা যি বানপানী হোৱাৰ আগজাননী পদ্ধতি (এফএলইডব্লিউএছ) বা এনেধৰণৰ আগজাননী/প্ৰস্তুত হোৱা ব্যৱস্থা আদি ‘এনডিএমএ’ ৰ নিৰ্দেশনা অনুসৰি পালন কৰে।
দুৰ্যোগৰ সময়ছোৱাত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ সংশ্লিষ্ট বিভাগৰ সহযোগত দুৰ্যোগৰ প্ৰকোপ হ্ৰাসকৰণ ব্যৱস্থাসমূহৰ সংসাধনৰ বাবে কাম কৰাৰ বাবে দায়িত্বশীল।
দুৰ্যোগৰ পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই দুৰ্যোগ নিয়ন্ত্ৰণৰ নতুন পদক্ষেপ গ্ৰহণৰ বাবে কাম কৰাৰ দিশে অগ্ৰসৰ হ’ব লাগে।
গুৱাহাটী পৌৰনিগমৰ ভূমিকা: প্ৰস্তুতিৰ এক অংশস্বৰূপে আৰু গুৱাহাটীত হোৱা যিকোনো প্ৰকাৰৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ গুৱাহাটী পৌৰনিগমে তলত উল্লিখিত ভূমিকাসমূহ পালন কৰে:
? সকলো পৰ্যায়তে পৰিকল্পনাৰ বিষয়ে প্ৰচাৰ কৰা যাতে নিগমৰ সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ দায়িত্বৰ প্ৰতি সজাগ হৈ উঠিব পাৰে।
? নিগমৰ সৈতে জড়িত হৈ থকা সম্পদ আৰু জনশক্তিৰ তালিকা প্ৰকাশ কৰি উলিওৱা।
? জৰুৰীকালীন সেৱাৰ সৈতে জড়িত কৰ্মকৰ্তাসকলক সজাগ কৰি তোলা।
? অৱস্থাৰ সূক্ষ্ম পৰ্যবেক্ষণ।
? এক কাৰ্য্য সম্পাদন পৰিকল্পনা যুগুত কৰি উলিওৱা।
• আৱৰ্জনা পৰিষ্কাৰ কৰা।
• প্ৰয়োজন হোৱা স্থানত পানী যোগান ব্যৱস্থা স্থাপন কৰা।
• নলা-নৰ্দমা পৰিষ্কাৰ আৰু জাবৰমুক্ত কৰা।
গুৱাহাটী উন্নয়ন বিভাগে ইয়াৰ দুই অংগ বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু গুৱাহাটী পৌৰনিগমৰ সৈতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, কামৰূপ মহানগৰ জিলাৰ সহযোগত গুৱাহাটী মহানগৰীত দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থা গ্ৰহণ কৰিছে। দুৰ্যোগৰ সময়ত অধিক উন্নত সহযোগিতা লাভ কৰিবলৈ কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই তলত উল্লিখিত সদস্যমণ্ডলীক লৈ এখন সমিতি গঠন কৰিছে।
| ক্ৰমিক নং | পদবী | স্থিতি |
|---|---|---|
| ১ | ডেপুটি সচিব, কামৰূপ (মহানগৰ) আৰু অধ্যক্ষ (ডিডিএমএ) | অধ্যক্ষ |
| ২ | মুখ্য কাৰ্য্যবাহী বিষয়া (গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ) | সদস্য |
| ৩ | আয়ুক্ত, গুৱাহাটী পৌৰনিগম | সদস্য |
| ৪ | অতিৰিক্ত জিলা আয়ুক্ত আৰু মুখ্য কাৰ্য্যবাহী বিষয়া (ডিডিএমএ) | আহ্বায়ক আৰু সচিব |
| ৫ | জ্যেষ্ঠ আৰক্ষী অধীক্ষক, গুৱাহাটী মহানগৰ | সদস্য |
| ৬ | আৰক্ষী অধীক্ষক (যান-বাহন শাখা), গুৱাহাটী মহানগৰ | সদস্য |
| ৭ | এডিচি (উন্নয়ন), কামৰূপ (মহানগৰ) | সদস্য |
| ৮ | গুৱাহাটী উন্নয়ন বিভাগৰ পৰা এগৰাকী প্ৰতিনিধি | সদস্য |
| ৯ | ডিআইপিআৰঅ, কামৰূপ (মহানগৰ) | সদস্য |
| ১০ | স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, কামৰূপ (মহানগৰ) | সদস্য |
| ১১ | মাণ্ডলিক বন বিষয়া (প্ৰাদেশিক), কামৰূপ পূব মণ্ডল | সদস্য |
| ১২ | মাণ্ডলিক বিষয়া (ভূমি সংৰক্ষণ), কামৰূপ (মহানগৰ) শাখা | সদস্য |
| ১৩ | কাৰ্য্যবাহী অভিযন্তা/কামৰূপ (মহানগৰ) জিলাৰ অভিযান্ত্ৰিক বিভাগৰ জিলা প্ৰধানসকল: গড়কাপ্তানি (পথ), গড়কাপ্তানি (গৃহ), গড়কাপ্তানি (যান্ত্ৰিক), গড়কাপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ), পিএইছই, জলসম্পদ (গৃহ) আৰু (যান্ত্ৰিক) | সদস্য |
| ১৪ | প্ৰকল্প বিষয়া, ডিডিএমএ, কামৰূপ (মহানগৰ) | সদস্য |
দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ বিষয়ে ডাউনলোড কৰিবৰ বাবে, তলত ক্লিক কৰক।
| Title | Size | Detail |
|---|---|---|
| SOP, GMC.docx | 123.92 KB |