গুৱাহাটী জলধাৰা (সংৰক্ষণ) আইন ২০০৮ চনত কাৰ্য্যকৰী হয় (২০১০ চনৰ মে’ মাহত ইয়াৰ সংশোধনী হয়)। এই আইনৰ লক্ষ্য হৈছে বানপানীৰ নিয়ন্ত্ৰণৰ বাবে জলাশয়সমূহ সংৰক্ষণ কৰা। এই আইনে ইয়াৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ জলাশয় বাছনি কৰি লয় – দীপৰবিল, শিলসাঁকো আৰু বৰসোলা-সৰুসোলা। নগৰৰ জলাশয় অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ই অকল বৰষুণৰ পানী ধৰি ৰখা স্থান হিচাপেই যে কাম কৰে তেনে নহয় ই বিভিন্ন পৰিভ্ৰমী আৰু স্থানীয় পক্ষীৰ বিচৰণস্থলী হোৱাৰ ফলস্বৰূপে ইক’ ট্যুৰিজম উদ্যান হিচাপে গঢ় লৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। গুৱাহাটী উন্নয়ন বিভাগৰ অধীনৰ বানপানী প্ৰশমন কাৰ্য্যসূচীয়ে এনে হ্ৰদৰ সংৰক্ষণ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰিছে।
গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ওচৰত অৱস্থিত সোলাবিল এক অতি মূল্যবান জলাশয়। এই জলাশয় এসময়ত বৃহৎ সংখ্যক উদ্ভিদ আৰু প্ৰাণীকুলৰ বসতিস্থল আছিল। ওচৰৰ পাহাৰীয়া অঞ্চলৰ ঠাইৰ পৰা বৈ অহা বৰষুণৰ পানী এই জলাশয়ে লাভ কৰে। সোলাবিল দুটা শাখাৰ সমষ্টি, বৰসোলা আৰু সৰুসোলা। বেদখল আৰু সেই স্থানত বসবাসৰ বাবে মাটি পূৰ কৰাৰ ফলস্বৰূপে এই হ্ৰদসমূহ বৰ্তমানে দ্ৰুতগতিত সংকোচন হ’বলৈ ধৰিছে।
সৰুসোলা বিলে চান্দমাৰি, গান্ধীবস্তি, সোলাপুৰ, উলুবাৰী, মণিপুৰীবস্তি, ফাচীবজাৰ, পাণবজাৰ, পল্টনবজাৰ, লাখটকীয়া, টকোবাৰী, এ টি ৰোড, ছাত্ৰীবাৰী আৰু আঠগাওঁকে আদি কৰি এক বৃহৎ অঞ্চলৰ পৰা বাগৰি অহা পানী ধৰি ৰখা জলাশয় হিচাপে কাম কৰে। মানুহৰ বেদখলৰ পৰিণতিস্বৰূপে এই বিল বন্ধ হৈ বানপানীৰ সমস্যাৰ উদ্ভৱ হোৱাৰ ফলত বৰ্তমানে লাখটকীয়া, কৃষ্ণনগৰ, ছাত্ৰীবাৰী আদিকে ধৰি গুৱাহাটীৰ এক বৃহৎ অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। গুৱাহাটীৰ সবাটোকৈ ডাঙৰ হ্ৰদ বৰসোলা বিলো সাম্প্ৰতিক সময়ত একে ভাবুকিৰ সন্মুখীন হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই এই বিলসমূহৰ পুনৰ উদ্ধাৰৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে।
গুৱাহাটীত থকা দীপৰবিল বিশুদ্ধ পানীৰ হ্ৰদ আৰু লগতে ই পৰিৱেশিকভাৱে অতি গুৰুত্বপূৰ্ণ জলাহভূমি য’ত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। আৱৰ্জনা আৰু বেদখল আদি কাৰণৰ উপৰিও ওচৰত চলি থকা শিল খনন কাম চলি থকা নিকটৱৰ্তী পাহাৰত হোৱা ভূমিস্খলনৰ ফলস্বৰূপে এই বিল পোত খাই গৈছে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰে আগবঢ়া পামোহি খাল উদ্ধাৰৰ কামত ব্যস্ত হৈ পৰিছে।
শিলসাঁকো বিল এক বৃহৎ নগৰীয়া জলভাগ যিয়ে ওচৰৰ পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানী ধৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানুহক প্ৰকৃতিৰ অধিক ওচৰ চপাই আনিবলৈ আৰু প্ৰকৃতিক বুজি পোৱাত সহায় কৰাৰ লগতে প্ৰকৃতিক সন্মান কৰিবলৈ আৰু বিভিন্ন জলচৰ প্ৰাণীক সংৰক্ষণ কৰাৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্য আগত লৈ হ্ৰদসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই জলাশয়সমূহ বিভিন্ন প্ৰাণীৰ খাদ্যজাল হিচাপে গুৰুত্ব বহন কৰা হেতুকে এইসমূহ পৰিৱেশিকভাৱে অতি গুৰুত্বপূৰ্ণ। এই জলাশয়সমূহ বহু প্ৰাণীৰ বসতিস্থল আৰু ইয়েই অনেক প্ৰকাৰৰ বনজ আৰু প্ৰাণীজ সম্পদ আমাক উপহাৰ দিয়ে।