মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা

এয়া অতি সহজেই দৃষ্টিগোচৰ হয় যে গুৱাহাটী মহানগৰী বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। উদাহৰণ স্বৰূপে:

  • বানপানীয়ে সৃষ্টি কৰা সমতলত নিৰ্মাণৰ বাবে নিৰ্ধাৰিত কৰা ক্ষেত্ৰসমূহ ক্ষয়ীভৱনৰ আশংকাযুক্ত।
  • মানুহে বসবাস কৰি থকা দ অঞ্চলসমূহ যি পানী ওলাই যোৱা ব্যৱস্থা নিম্ন মানবিশিষ্টসম্পন্ন সেই অঞ্চলসমূহত পানী জমা হৈ থকা, কৃত্ৰিম বানপানী আদি সমস্যাৰ সহজে উদ্ভৱ হয়।
  • পাহাৰীয়া অঞ্চলত অপৰিকল্পিতভাৱে বসতি স্থাপন কৰাৰ পৰিণামস্বৰূপে ভূমিস্খলনৰ দৰে দুৰ্যোগৰ সূচনা হয়।
  • চেপেটা মূধচৰ অসম আৰ্হিৰ ঘৰসমূহ ধুমুহাত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে।
  • অপৰিকল্পিতভাৱে নিৰ্মিত আৰচিচি/পকা অট্টালিকাসমূহ ভূমিকম্পত অধিক ক্ষয়-ক্ষতি হোৱাৰ আশংকা থাকে।
  • চহৰৰ ঠেক আলিবাটসমূহ অগ্নি সম্বন্ধীয় দুৰ্ঘটনাৰ দিশত গভীৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে কাৰণ এনে অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সহজে উপস্থিত হ’ব নোৱাৰে।

সম্ভাৱনীয় দুৰ্যোগসমূহ

চহৰক স্পৰ্শ কৰিব পৰা বিভিন্ন দুৰ্যোগসমূহলৈ লক্ষ্য ৰাখি আৰু এই দুৰ্যোগসমূহ সংগঠিত হোৱাৰ সম্ভাৱনীয়তাৰ বিষয়টো বিবেচনা কৰি তলত উল্লিখিত দুৰ্যোগসমূহ গুৱাহাটীত হোৱাৰ আশংকা প্ৰকট হৈ উঠে:

  • নদীয়ে সৃষ্টি কৰা বানপানী (প্ৰাকৃতিক দুৰ্যোগ)
  • বৰষুণে সৃষ্টি কৰা বানপানী (প্ৰাকৃতিক দুৰ্যোগ)
  • ধুমুহা (প্ৰাকৃতিক দুৰ্যোগ)
  • ক্ৰান্তীয় ঘূৰ্ণীবতাহ (প্ৰাকৃতিক দুৰ্যোগ)
  • ক্ষয়ীভৱন (প্ৰাকৃতিক দুৰ্যোগ)
  • ভূমিস্খলন (প্ৰাকৃতিক দুৰ্যোগ)
  • ভূমিকম্প (প্ৰাকৃতিক দুৰ্যোগ)
  • অগ্নি (কৃত্ৰিম দুৰ্যোগ)
  • ঔদ্যোগিক দুৰ্ঘটনা (কৃত্ৰিম দুৰ্যোগ)
  • সন্ত্ৰাসবাদী আক্ৰমণ (কৃত্ৰিম দুৰ্যোগ)

গুৱাহাটী উন্নয়ন বিভাগৰ ভূমিকা

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমিকা: যিকোনো দুৰ্যোগ সংঘটিত হোৱাৰ আগতে দুৰ্যোগে সূচনা কৰা ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণ কৰাৰ দিশত দায়িত্বশীল সংস্থা। এই পদক্ষেপ গ্ৰহণৰ জৰিয়তে উদ্ভৱ হোৱা দুৰ্যোগ প্ৰশমন কৰাৰ বাবে এই সংস্থাই প্ৰয়াস কৰে। ইয়াৰ উপৰিও এএছডিএমএ এনইএছএচি আৰু জিলা প্ৰশাসনৰ লগতে এয়া এক সংস্থা যি বানপানী হোৱাৰ আগজাননী পদ্ধতি (এফএলইডব্লিউএছ) বা এনেধৰণৰ আগজাননী/প্ৰস্তুত হোৱা ব্যৱস্থা আদি ‘এনডিএমএ’ ৰ নিৰ্দেশনা অনুসৰি পালন কৰে।

দুৰ্যোগৰ সময়ছোৱাত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ সংশ্লিষ্ট বিভাগৰ সহযোগত দুৰ্যোগৰ প্ৰকোপ হ্ৰাসকৰণ ব্যৱস্থাসমূহৰ সংসাধনৰ বাবে কাম কৰাৰ বাবে দায়িত্বশীল।

দুৰ্যোগৰ পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই দুৰ্যোগ নিয়ন্ত্ৰণৰ নতুন পদক্ষেপ গ্ৰহণৰ বাবে কাম কৰাৰ দিশে অগ্ৰসৰ হ’ব লাগে।

গুৱাহাটী পৌৰনিগমৰ ভূমিকা: প্ৰস্তুতিৰ এক অংশস্বৰূপে আৰু গুৱাহাটীত হোৱা যিকোনো প্ৰকাৰৰ দুৰ্যোগৰ মোকাবিলা কৰিবলৈ গুৱাহাটী পৌৰনিগমে তলত উল্লিখিত ভূমিকাসমূহ পালন কৰে:
?    সকলো পৰ্যায়তে পৰিকল্পনাৰ বিষয়ে প্ৰচাৰ কৰা যাতে নিগমৰ সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ দায়িত্বৰ প্ৰতি সজাগ হৈ উঠিব পাৰে।
?    নিগমৰ সৈতে জড়িত হৈ থকা সম্পদ আৰু জনশক্তিৰ তালিকা প্ৰকাশ কৰি উলিওৱা।
?    জৰুৰীকালীন সেৱাৰ সৈতে জড়িত কৰ্মকৰ্তাসকলক সজাগ কৰি তোলা।
?    অৱস্থাৰ সূক্ষ্ম পৰ্যবেক্ষণ।
?    এক কাৰ্য্য সম্পাদন পৰিকল্পনা যুগুত কৰি উলিওৱা।
•    আৱৰ্জনা পৰিষ্কাৰ কৰা।
•    প্ৰয়োজন হোৱা স্থানত পানী যোগান ব্যৱস্থা স্থাপন কৰা।
•    নলা-নৰ্দমা পৰিষ্কাৰ আৰু জাবৰমুক্ত কৰা।

সমন্বয় সমিতি

গুৱাহাটী উন্নয়ন বিভাগে ইয়াৰ দুই অংগ বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু গুৱাহাটী পৌৰনিগমৰ সৈতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, কামৰূপ মহানগৰ জিলাৰ সহযোগত গুৱাহাটী মহানগৰীত দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থা গ্ৰহণ কৰিছে। দুৰ্যোগৰ সময়ত অধিক উন্নত সহযোগিতা লাভ কৰিবলৈ কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই তলত উল্লিখিত সদস্যমণ্ডলীক লৈ এখন সমিতি গঠন কৰিছে।

ক্ৰমিক নংপদবীস্থিতি
ডেপুটি সচিব, কামৰূপ (মহানগৰ)
আৰু অধ্যক্ষ (ডিডিএমএ)
অধ্যক্ষ
মুখ্য কাৰ্য্যবাহী বিষয়া (গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ)সদস্য
আয়ুক্ত,
গুৱাহাটী পৌৰনিগম
সদস্য
অতিৰিক্ত জিলা আয়ুক্ত আৰু মুখ্য কাৰ্য্যবাহী বিষয়া (ডিডিএমএ)আহ্বায়ক আৰু সচিব
জ্যেষ্ঠ আৰক্ষী অধীক্ষক, গুৱাহাটী মহানগৰসদস্য
আৰক্ষী অধীক্ষক (যান-বাহন শাখা), গুৱাহাটী মহানগৰসদস্য
এডিচি (উন্নয়ন), কামৰূপ (মহানগৰ)সদস্য
গুৱাহাটী উন্নয়ন বিভাগৰ পৰা এগৰাকী প্ৰতিনিধিসদস্য
ডিআইপিআৰঅ, কামৰূপ (মহানগৰ)সদস্য
১০স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, কামৰূপ (মহানগৰ)সদস্য
১১মাণ্ডলিক বন বিষয়া (প্ৰাদেশিক), কামৰূপ পূব মণ্ডলসদস্য
১২মাণ্ডলিক বিষয়া (ভূমি সংৰক্ষণ),
কামৰূপ (মহানগৰ) শাখা
সদস্য
১৩কাৰ্য্যবাহী অভিযন্তা/কামৰূপ (মহানগৰ) জিলাৰ
অভিযান্ত্ৰিক বিভাগৰ জিলা প্ৰধানসকল:
গড়কাপ্তানি (পথ), গড়কাপ্তানি (গৃহ),
গড়কাপ্তানি (যান্ত্ৰিক), গড়কাপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ), পিএইছই,
জলসম্পদ (গৃহ) আৰু (যান্ত্ৰিক)
সদস্য
১৪প্ৰকল্প বিষয়া, ডিডিএমএ, কামৰূপ (মহানগৰ)সদস্য

দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা

দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ বিষয়ে ডাউনলোড কৰিবৰ বাবে, তলত ক্লিক কৰক।

Downloads
TitleSizeDetail
SOP, GMC.docx123.92 KBswf-image