মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

সফলতাৰ কাহিনী

শ্ৰদ্ধাঞ্জলি কানন

শ্ৰদ্ধাঞ্জলি কানন গুৱাহাটীৰ এক নতুন আৰু অতি জনপ্ৰিয় উদ্যান। এই উদ্যান ৰাধাগোবিন্দ বৰুৱা পথত অসম ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীতে অৱস্থিত। ২০১০ চনৰ ১১ অক্টোবৰ তাৰিখে অসমৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈয়ে এই উদ্যানখনি উদ্বোধন কৰে। ৮.৭৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত এই উদ্যানৰ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই উন্নয়ন সাধন কৰে। শ্ৰদ্ধাঞ্জলি কানন উদ্যানে ২৩ বিঘা ভূমি আৱৰি আছে।

আকৰ্ষণসমূহ

  • লেজাৰ আৰু মিউজিকেল ফাউণ্টেন।
  • পানীৰ নিজৰা।
  • শিশুৰ বাবে খেলা-ধূলাৰ সুবিধা।
  • এমফিথিয়েটাৰ য’ত মুকলি পৰিৱেশত অনুষ্ঠান উদযাপন কৰা হয়।
  • খোজ কঢ়াৰ সুবিধা।
  • ওলমি থকা নৌকা।
  • ৰেষ্টুৰেণ্ট।

সময়সূচী আৰু মাচুল

শুকুৰবাৰৰ পৰা বুধবাৰলৈ, সময়: ৰাতিপুৱা ১০.০০ বজাৰ পৰা নিশা ৮.০০ বজালৈ
(বৃহস্পতিবাৰে বন্ধ)

প্ৰৱেশ মাচুল:
প্ৰাপ্তবয়স্ক ব্যক্তি: ১০.০০/-টকা
শিশু: ৫.০০/-টকা
জ্যেষ্ঠ নাগৰিক: ৫.০০/-টকা

আনন্দ উপভোগৰ টিকট মাচুল:
নৌকা চালনা: ২০.০০/-টকা
ৰেলগাড়ী চালনা: ২০.০০/-টকা
উৰাজাহাজ চালনা: ২০.০০/-টকা
অশ্বচালনা: ২০.০০/-টকা

প্ৰাতঃভ্ৰমণৰ সময় ৰাতিপুৱা ৫.০০ বজাৰ পৰা ৮.০০ বজালৈ। প্ৰাতঃভ্ৰমণৰ বাবে প্ৰৱেশ মাচুল প্ৰতিদিনে ৫.০০/-টকাকৈ। প্ৰতি মাহত এই মাচুল ১০০.০০/-টকা আৰু প্ৰতি বছৰত ১০০০.০০/-টকা।

ঠিকনা

শ্ৰদ্ধাঞ্জলি কানন
ৰাধাগোবিন্দ বৰুৱা পথ, তৰুণ নগৰ
ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীতে
গুৱাহাটী, অসম ৭৮১ ০০৬