বস্ত্ৰ উদ্যান, এখনি শিশু উদ্যান আৰু আমাৰ শুৱালকুছি হৈছে এক সংগ্ৰহালয় সদৃশ প্ৰতিষ্ঠান য’ত ৰেচম গাওঁ শুৱালকুছিৰ হস্ততাঁত শিল্পৰ বিভিন্ন দিশৰ কাৰ্য্যকলাপ অংকিত হৈছে। এই প্ৰতিষ্ঠান ২০১২ চনৰ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয়।
শুৱালকুছিৰ হস্ততাঁত শিল্প অসমৰ গৌৰৱ। এই শুৱালকুছি গাঁৱৰ বাসিন্দাসকলে এই শিল্পৰ সংৰক্ষণ কৰি আহিছে। আমাৰ শুৱালকুছি মাথো এক সংগ্ৰহালয় নহয় ই হৈছে স্থাপত্যৰ এক সংগ্ৰহালয় য’ত বয়ন শিল্পৰ ভিন্ন কাৰিকৰী নিদৰ্শন অংকিত হৈছে। এই শিল্পই হৈছে ইয়াৰ বাসিন্দাসকলৰ এক জীৱিকাৰ উপায়। বিখ্যাত স্থপতিবিদ বীৰেন সিংহই এই বয়ন উদ্যান আৰু আমাৰ শুৱালকুছিৰ স্থপতিসমূহৰ সৃষ্টি কৰিছে। ইয়ালৈ বিভিন্ন ঠাইৰ পৰ্যটকসকলৰ আগমন হয় আৰু এই স্থাপত্য দৰ্শন কৰি তেওঁলোকৰ হৃদয়ৰ ভাষা ব্যক্ত কৰে।