অৱলোকন
প্ৰত্যেক ব্যক্তি যিয়ে গুৱাহাটী মহানগৰ ক্ষেত্ৰৰ অন্তৰ্গত এলেকাৰ অধীনত অৱস্থিত অট্টালিকাৰ উত্থান নতুবা পুনৰ উত্থান কৰিবলৈ বিচাৰে নতুবা কোনো ঠাইত অৱস্থিত অট্টালিকাৰ সালসলনি কৰিবলৈ বিচাৰে নতুবা কোনো ভূখণ্ড স্থানান্তৰ নতুবা বিভক্ত কৰিবলৈ বিচাৰে তেওঁ এই কাৰ্য্যৰ অনুমতিৰ বাবে গুৱাহাটী অট্টালিকা নিৰ্মাণ আইনৰ অধীনৰ ১ নং প্ৰ-পত্ৰত গুৱাহাটী অট্টালিকা নিৰ্মাণ উপনিয়ম ২০১৪ ৰ সূচী ১ ত নিৰ্ধাৰিত মাচুলেৰে সৈতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়ালৈ অনলাইনযোগে আবেদন কৰিব লাগে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ পঞ্জীকৃত কাৰিকৰী ব্যক্তিৰ জৰিয়তে আবেদনকাৰীয়ে অনলাইনযোগে কাউণ্টাৰ কেৰাণীলৈ আগবঢ়াই দিব লাগে।
যোগ্যতাৰ মাপকাঠি:
আবেদনকাৰী ব্যক্তিগৰাকীৰ বসবাসৰ স্থানৰ আটাইবোৰ নথিপত্ৰ থাকিব লাগিব।
প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশনাৱলী:
আবেদনকাৰীয়ে প্ৰ-পত্ৰ দাখিল কৰাৰ সময়ত আটাইবোৰ নথিপত্ৰ আগবঢ়াব লাগিব। অনলাইনযোগে আবেদন কৰিলে নথিপত্ৰসমূহ স্কেন কৰি সাজু কৰি তুলিব লাগিব।
মাচুল:
আৰচিচি অট্টালিকাৰ ভূমি মহলাৰ বাবে আবেদন মাচুল প্ৰতি বৰ্গমিটাৰত ১০/-টকাকৈ আৰু ওপৰ মহলাৰ বাবে প্ৰতি বৰ্গমিটাৰত ২০/-টকাকৈ নিৰ্ধাৰণ কৰা হয়। এপাৰ্টমেণ্ট, বিদ্যালয় আৰু অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানৰ ভূমি মহলাৰ বাবে প্ৰতি বৰ্গমিটাৰত ২০/-টকাকৈ আৰু ওপৰ মহলাৰ বাবে প্ৰতি বৰ্গমিটাৰত ২৪/-টকাকৈ নিৰ্ধাৰণ কৰা হয়। বাণিজ্যিক আৰু উদ্যোগিক ভৱনৰ বাবে বসবাসৰ বাবে নিৰ্মিত ভৱনৰ মাচুলতকৈ ক্ৰমে চাৰিগুণ আৰু আঠগুণ মাচুল স্থিৰ নিৰ্ধাৰিত। বিতংকৈ জানিবৰ বাবে, গুৱাহাটী অট্টালিকা নিৰ্মাণ আইনৰ উপনিয়ম ২০১৪ ৰ সূচী ১ দৰ্শন কৰক।
প্ৰয়োজন হোৱা নথিপত্ৰসমূহ:
- সংশ্লিষ্ট জিলাৰ প্ৰস্তাৱিত ক্ষেত্ৰৰ দাগ নং, পট্টা নং, ৰাজহ গাওঁ, মৌজা আৰু নগৰৰে সৈতে বিৱৰণ।
- প্ৰাকৃতিক খাল, পানী প্ৰবাহিত হোৱা নলা, ৰাস্তা আৰু ভূখণ্ডৰ প্ৰদৰ্শন কৰা ক্ষেত্ৰৰ মূল পৰিকল্পনা।
- সৰ্বনিম্ন ১:২০০ স্কেল আকৃতিৰ ক্ষেত্ৰ পৰিকল্পনাৰ নক্সা প্ৰস্তুত।
- মিটাৰৰ হিচাপত অংকিত সৰ্বনিম্ন ১:১০০ স্কেলৰ অট্টালিকা পৰিকল্পনা।
- প্ৰস্তাৱত আগবঢ়োৱা প্ৰকাৰ প্ৰ-পত্ৰ ১১, প্ৰ-পত্ৰ ২৪ আৰু প্ৰ-পত্ৰ ২৫ ত ব্যৱহাৰ হ’বলগীয়া সামগ্ৰীৰ শ্ৰেণীৰ বিতং হিচাপৰ সৈতে প্ৰস্তাৱিত নিৰ্মাণ কাৰ্য্যৰ সাধাৰণ বিৱৰণ। এয়া সংশ্লিষ্ট পঞ্জীকৃত কাৰিকৰী বিষয়া ৰ দ্বাৰা বিধিগতভাৱে স্বাক্ষৰিত হ’ব লাগিব আৰু কাউণ্টাৰচাইন আবেদনকাৰীৰ দ্বাৰা স্বাক্ষৰিত হ’ব লাগিব।
- ১২ ছেপ্টেম্বৰ ২০০৮ ৰ পিছত সম্পত্তিৰ মূল্যায়ন/পুনৰ মূল্যায়ন হোৱা বুলি কৰা স্ব-ঘোষণা।
- প্ৰ-পত্ৰ ৮, প্ৰ-পত্ৰ ৯ আৰু প্ৰ-পত্ৰ ১০ ত গুৱাহাটী অট্টালিকা নিৰ্মাণ (আইন) উপনিয়ম ২০১৪ ৰ পৰিদৰ্শন প্ৰমাণপত্ৰ।
- গুৱাহাটী অট্টালিকা নিৰ্মাণ (আইন) উপনিয়ম ২০১৪ ৰ প্ৰ-পত্ৰ ৭ ত গঢ়ন অভিযন্তাই পৰিদৰ্শন কৰাৰ পিছত অট্টালিকাৰ ভূমি মহলাৰ পৰা তৃতীয় মহলালৈ সুৰক্ষিত বুলি প্ৰদান কৰা প্ৰমাণপত্ৰ।
- (গুৱাহাটী অট্টালিকা নিৰ্মাণ উপনিয়ম ২০১৪ ৰ অনুবন্ধ ৫) অনুসৰি এক উদ্যোগ য’ত মাটিৰ গৰাকীয়ে নতুবা পাৱাৰ অভ এটৰ্ণি ধাৰকে নতুবা নিৰ্মাতা নতুবা আবেদনকাৰীয়ে প্ৰয়োজন হ’লে পথ বহল কৰা কাৰ্য্যত কোনো ক্ষতিপূৰণ নোলোৱাকৈ মানি লোৱাৰ স্বৰ্তত স্বাক্ষৰ কৰিব লাগে। এই নিয়ম ভংগ কৰিলে গুৱাহাটী পৌৰনিগম আইন ১৯৭১/গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আইন ১৯৮৫ অনুসৰি কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
- উল্লিখিত বিষয়সমূহ ঘোষণা কৰি আবেদনপত্ৰৰ সৈতে এফিডেভিট গাঁথি দিব লাগে: (ক) ভূমিৰ সবিশেষ।, (খ) মাটিৰ গৰাকী স্বত্ব।, (গ) অনুমোদিত পৰিকল্পনা অনুসৰিয়েই নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিব বুলি শপতনামা।, (ঘ) বিদ্যুত সংযোগ স্থাপন কৰাৰ আগতে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা বুলি প্ৰমাণপত্ৰ দিব বুলি শপতনামা।, (ঙ) অধিকাৰ কৰিবলৈ প্ৰমাণপত্ৰ লাভ নকৰা পৰ্যন্ত আবেদনকাৰীয়ে অট্টালিকাটো অধিকাৰ নকৰাৰ ঘোষণা। (চ) কৰ্তৃপক্ষক আগতীয়াকৈ অৱগত নকৰাকৈ তেওঁলোকে অট্টালিকাৰ নিৰ্মাণৰ সময়ছোৱাত আৰটিপি সলনি নকৰে বুলি ঘোষণা আৰু যদি আৰটিপি সলনি কৰেও ইয়াৰ বাবে আবেদনকাৰীয়ে পূৰ্বৰ ‘আৰটিপি’ ৰ আনুষ্ঠানিকতা পূৰ কৰিহে এয়া কৰিব পাৰিব।
- সঠিককৈ খাজনা প্ৰদান কৰি থকা খাজনাৰ শেহতীয়া ৰচিদ দাখিল কৰিব লাগিব। অট্টালিকাৰ ক্ষেত্ৰত প্ৰযোজ্য।
- বসবাস কৰা ভূমি/মাটিৰ অংশ বিক্ৰীৰ ক্ষেত্ৰত এই ভূমিৰ ১০% অঞ্চল ইডব্লিউএছ বৰ্গৰ বাবে সংৰক্ষণ কৰিব লাগে। ইয়াৰ বাবে সৰ্বোচ্চ ভূমিখণ্ডৰ আকাৰ হ’ব লাগে ১.৫ হেক্টৰ বা তাতোকৈ অধিক আৰু ‘ইডব্লিউএছ’ ৰ বাবে সৰ্বনিম্ন ভূমিখণ্ডৰ আকাৰ ৯০ বৰ্গমিটাৰতকৈ কম হ’ব নালাগিব আৰু ১২০ বৰ্গমিটাৰতকৈ অধিক হ’ব লাগিব।
- গৰাকী বা উন্নয়নকৰ্তাক বেলেগ বেলেগকৈ উল্লিখিত ইউনিটসমূহ সাজিবলৈ স্বাধীনতা প্ৰদান কৰা হয়। ইয়াত গৰাকীয়ে ‘এলআইজি’ ৰ পৰিৱৰ্তে ‘ইডব্লিউএছ’ ৰ বিকাশ সাধনৰ অনুমতি লাভ কৰে।
- যদি ঘৰ/ফ্লেট/এপাৰ্টমেণ্টসমূহ ব্যক্তিগত নিৰ্মাণকাৰীৰ দ্বাৰা নিৰ্মাণ কৰা হয় তেতিয়াহ’লে আৰু এডব্লিউএছ/এলআইজি ৰ বাবে তেওঁলোকে চাবছিডি মূল্যত আগবঢ়ায় তেতিয়া এই সংশ্লিষ্ট নিৰ্মাণকাৰী সকলে অতিৰিক্ত এফএআৰ ১০ শতাংশৰ পৰা ২৫ শতাংশলৈ ‘এফএআৰ’ ৰ প্ৰাসংগিক ভূমি ব্যৱহাৰৰ নিৰ্দিষ্ট শতাংশ অনুসৰি প্ৰদান কৰিব লাগে।
আটাইবোৰ পৰিকল্পনা আৰু নক্সাত গৰাকী আৰু গুৱাহাটী পৌৰনিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ নতুবা কাউন্সিল অভ আৰ্কিটেকচাৰৰ পঞ্জীকৃত পৰিকল্পনা প্ৰস্তুতকাৰী যেনে এগৰাকী পঞ্জীকৃত স্থপতিবিদ নতুবা এগৰাকী স্নাতক চিভিল অভিযন্তাই স্বাক্ষৰ কৰিব। গুৱাহাটী অট্টালিকা নিৰ্মাণ উপনিয়ম ২০১৪ ৰ অনুবন্ধ ২ ৰ নিয়ম অনুসৰি বিশেষৰূপে অনুমতি লাভ কৰিলেহে পঞ্জীকৃত স্থপতিবিদ, চিভিল অভিযন্তাই ইয়াত স্বাক্ষৰ কৰিব পাৰে।
কেনেকৈ আবেদন কৰিব:
আবেদনকাৰীয়ে পঞ্জীকৃত কাৰিকৰী ব্যক্তিৰ জৰিয়তে অনলাইন আবেদনপত্ৰ কাউণ্টাৰ কেৰাণীৰ ওচৰত দাখিল কৰিব লাগে। আবেদনৰ সৈতে আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলোবোৰ নথিপত্ৰ গাঁথি দিব লাগে।
- গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ নগৰ পৰিকল্পকৰ নিৰ্দেশনা অনুসৰি ভাগ-১ ৰ অধীনত আবেদনপত্ৰৰ বাবে পৰিকল্পনা অনুমতি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়াই প্ৰদান কৰে।
- অনলাইনযোগে মুখ্য কাৰ্য্যবাহী বিষয়াৰ অনুমোদন লাভ কৰিলে আবেদনকাৰীয়ে পৰিকল্পনাৰ চাৰিটা প্ৰতিলিপি হাৰ্ড কপিত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে। আবেদনকাৰীয়ে প্ৰস্তাৱিত কাৰ্য্যৰ গতি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ৱেবচাইটযোগে দৰ্শন কৰিব পাৰে।
- পৰিকল্পনা অনুমতি তিনিটা ড্ৰয়িং ছেটৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ অনুমতিৰ বাবে গুৱাহাটী পোৰনিগম, স্থানীয় নগৰ সমিতি বা পঞ্চায়তলৈ আগবঢ়ায়।
- অংশ ২ ৰ অধীনৰ আবেদনৰ বিল্ডিং পাৰ্মিট গুৱাহাটী পৌৰনিগমৰ সহযোগী পৰিকল্পকৰ নিৰ্দেশক্ৰমে গুৱাহাটী পৌৰনিগমৰ অধীনৰ অঞ্চলৰ বাবে প্ৰদান কৰা হয় আৰু স্থানীয় নগৰ সমিতিৰ অধীনৰ অঞ্চল নতুবা পঞ্চায়তৰ বাবে সংশ্লিষ্ট স্থানীয় নগৰ সমিতি বা পঞ্চায়তৰ কাৰিকৰী ব্যক্তিৰ নিৰ্দেশক্ৰমে এই আবেদনত মঞ্জুৰি প্ৰদান কৰা হয়।
- অংশ ২ ৰ অধীনত প্ৰদান কৰা হোৱা পৰিকল্পনা অনুমতিপত্ৰ গুৱাহাটী পৌৰনিগম নতুবা স্থানীয় নগৰ কৰ্তৃপক্ষই প্ৰকাশ কৰে।
- নিৰ্মাণ অনুমতিৰ বাবে উত্থান কৰা কোনো প্ৰস্তাৱৰ কাৰিকৰী পৰীক্ষণ, সত্যাসত্য বিচাৰ আৰু পৰ্যবেক্ষণৰ বাবে স্থানীয় নগৰ সমিতি নতুবা পঞ্চায়তত কাৰিকৰী দিশত অৰ্হতাসম্পন্ন ব্যক্তিৰ অনুপস্থিতিত চৰকাৰে অন্য কাৰিকৰী অৰ্হতাসম্পন্ন ব্যক্তিক এই কাৰ্য্যৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিব পাৰে।
সেৱাৰ প্ৰকাৰ:
ই এক অনলাইন সেৱা। অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিবৰ বাবে, ইয়াত ক্লিক কৰক।
১ Application for Planning Permission For Laying out the Land for Building Purposes
২ APPLICATION FORM LAND SUBDIVISION TRANSFER
৩ CHECK LIST OF DOCUMENTS PLANNING & BUILDING PERMIT
৪ CHECK LIST OF DOCUMENTS LAND SALE TRANSFER SUB-DIVISION PERMISSION
৫ FORM-4 RENEWAL ENROLMENT OF COMPETENT TECHNICAL PERSONNEL (INDIVIDUAL)
৬ FORM-5 RENEWAL ENROLMENT OF COMPETENT TECHNICAL PERSONNEL (GROUP)
৭ FORM-6 CERTIFICATE OF UNDERTAKING FOR HAZARD SAFETY REQUIREMENT
৮ FORM-7 CERTIFICATE OF UNDERTAKING OF ARCHITECT ON RECORD ENGINEER ON RECORD
৯ FORM-8 CERTIFICATE OF UNDERTAKING OF STRUCTURAL ENGINEER ON RECORD
১০ FORM-9 CERTIFICATE OF UNDERTAKING OF THE CONSTRUCTION ENGINEER ON RECORD
১১ FORM-10 DEVELOPMENT PERMISSION
১২ FORM-11 STRUCTURAL DESIGN BASIS REPORT
১৩ FORM-12 PROGRESS CERTIFICATE
১৪ FORM-13 PROGRESS CERTIFICATE FIRST STOREY
১৫ FORM-14 PROGRESS CERTIFICATE MIDDLE STOREY IN CASE OF HIGH-RISE
১৬ FORM-15 PROGRESS CERTIFICATE LAST STOREY
১৭ FORM-16 COMPLETION REPORT
১৮ FORM-17-BUILDING COMPLETION CERTIFICATE BY ARCHITECT ON RECORD
১৯ FORM-18 BUILDING COMPLETION CERTIFICATE BY CONSTRUCTION ENGINEER ON RECORD
২০ FORM-19 BUILDING COMPLETION CERTIFICATE BY STRUCTURAL ENGINEER ON RECORD
২১ FORM-20 MODEL PROFORMA FOR TECHNICAL AUDIT REPORT
২২ FORM-22- Area Statement
২৩ FORM-21-STRUCTURAL INSPECTION REPORT
২৪ FORM-23 Annexure-A-1
২৫ FORM-24-Annexure A-2
২৬ FORM-25 Authority letter
২৭ FORM-26 Affidavit cum Undertaking
২৮ FORM-27-Detail report on construction of Building as per as built drawing
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
তৃতীয় মহলা,ষ্টেটফেড বিল্ডিঙ,
জি.এম.চি.এইছ পথ, ভঙাগড়,
গুৱাহাটী-৭৮১০০৫,
দূৰভাষ- ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০
ফেক্স- ০৩৬১-২৫২৯৯৯১
ই-মেইল : ceogmdaghy@gmail.com
গুৱাহাটী পৌৰ নিগম
মূখ্য কাৰ্যালয়, পানবজাৰ
গুৱাহাটী-৭৮১০০১
দূৰভাষ: ০৩৬১- ২৬৩১৮০০
ফেক্স : +৯১-৩৬১-২৬৩১৮০০
ই-মেইল: guwahaticom@gmail.com