অনুজ্ঞাপত্ৰ হৈছে এক প্ৰমাণপত্ৰ যি ব্যৱসায় এটা চলাবৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। গুৱাহাটীত বাণিজ্যৰ অনুজ্ঞাপত্ৰ গুৱাহাটী পৌৰনিগমে প্ৰদান কৰে। এটি ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে বাণিজ্যৰ অনুজ্ঞাৰ বাবে আবেদন কৰাটো অত্যাৱশ্যকীয় বিষয়।
প্ৰ-পত্ৰ দাখিল কৰোতে প্ৰয়োজনীয় আটাইবোৰ নথিপত্ৰ জমা দিব লাগে। অনলাইনযোগে আবেদনৰ বাবে প্ৰ-পত্ৰ পূৰ কৰিলে আটাইবোৰ নথিপত্ৰ স্কেন কৰি সাজু কৰি তুলিব লাগে: বাণিজ্যৰ অনুজ্ঞাৰ সৱিশেষ.
ইয়াৰ সবিশেষ পূৰ কৰি আবেদনপত্ৰ অনলাইনযোগে নতুবা গুৱাহাটী পৌৰনিগমৰ কাৰ্য্যালয়ত দাখিল কৰিব লাগে। এই প্ৰক্ৰিয়াত দুই প্ৰকাৰৰ মাচুল সংগ্ৰহ কৰা হয় :
(১) আবেদন মাচুল ১০০ টকা।
(২) ব্যৱসায়ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অনুজ্ঞা মাচুল।
গুৱাহাটী পৌৰনিগমৰ নিৰ্দিষ্ট এলেকাৰ ডিচি লৈ এফিডেফিট আৰু ঠিকনা প্ৰমাণপত্ৰৰে সৈতে আবেদনপত্ৰ পঠিয়াব লাগে। ইয়াৰ বাবে ২০০ টকাৰ মাচুল প্ৰদান কৰিব লাগে।
আবেদনপত্ৰ অনলাইনযোগে আৰু মণ্ডল কাৰ্য্যালয়ত দাখিল কৰিব পাৰি। অনলাইন পূৰণ কৰিবৰ বাবে, ইয়াত ক্লিক কৰক।
(১) কেন্দ্ৰীয় মণ্ডল: গুৱাহাটী পৌৰনিগম, মুখ্য কাৰ্য্যালয়, পাণবজাৰ, গুৱাহাটী ৭৮১ ০০১
(২) পূব মণ্ডল: গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, জু-ৰোড, গুৱাহাটী
(৩) দক্ষিণ মণ্ডল: গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, দক্ষিণ শৰণীয়া, গুৱাহাটী
(৪) পশ্চিম মণ্ডল: গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, ভূতনাথ, শান্তিপুৰ, গুৱাহাটী ৭৮১ ০০৯
(৫) দিশপুৰ মণ্ডল: গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, ছুপাৰ মাৰ্কেট, দিশপুৰ, গুৱাহাটী
(৬) লখৰা মণ্ডল: গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, লখৰা তিনিআলি, গুৱাহাটী
যোগাযোগৰ সৱিশেষ পাবৰ বাবে ক্লিক কৰক: মণ্ডলসমূহৰ প্ৰমুখ