মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

জন্ম/মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • জন্ম আৰু মৃত্যুৰ পঞ্জীকৰণ আইন ১৯৬৯ ৰ নিয়ম অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীকৰণ বাধ্যতামূলক।
  • ভাৰতত প্ৰতি জন্ম আৰু মৃত্যুৰ ২১ দিনৰ ভিতৰত জন্ম আৰু মৃত্যুৰ পঞ্জীকৰণ কৰাটো বাধ্যতামূলক।
  • জন্ম নতুবা মৃত্যু হোৱাৰ ২১ দিনৰ পিছত জনালে এয়া পলম পঞ্জীয়নৰ শ্ৰেণীত পৰে।
  • জন্ম বা মৃত্যুৰ এবছৰৰ পিছত এই ঘটনাৰ বিষয়ে অৱগত কৰিলে ইয়াক পুৰণি পঞ্জীয়ন শ্ৰেণীত পঞ্জীকৰণ কৰা হয়। এই পঞ্জীয়ন কাৰ্য্য ক্ষেত্ৰ ন্যায়াধীশ বা প্ৰথম শ্ৰেণীৰ ন্যায়াধীশে সম্পন্ন কৰে। ইয়াৰ বাবে দহ টকাৰ পলম মাচুল ভৰিব লাগে।
  • জন্ম বা মৃত্যুৰ ২১ দিনৰ ভিতৰত কিন্তু ৩০ দিনতকৈ কম দিনৰ ভিতৰত এই বিষয়ে কৰ্তৃপক্ষক অৱগত কৰিলে দুটকাৰ পলম মাচুল ভৰিব লাগে।
  • জন্ম বা মৃত্যুৰ বিষয়ে এমাহ পিছত কিন্তু এবছৰৰ ভিতৰত কৰ্তৃপক্ষক অৱগত কৰিলে পঞ্জীয়নৰ বাবে লিখিত অনুমতিৰে সৈতে পাঁচ টকাৰ মাচুল প্ৰদান কৰিব লাগে।
  • শিশুৰ জন্মৰ এবছৰৰ ভিতৰত জন্মৰ তালিকাত মৌখিকভাৱে বা লিখিত ৰূপত শিশুটিৰ নাম সন্নিৱিষ্ট কৰিলে ইয়াত কোনো মাচুল ভৰিব নালাগে। এবছৰৰ পিছত কিন্তু পোন্ধৰ বছৰৰ ভিতৰত শিশুটিৰ নাম জন্মৰ তালিকাত সন্নিৱিষ্ট কৰিলে (১/১/২০০০ বৰ্ষৰ ডিআৰবিডি নিয়ম ১৯৯৯ অনুসৰি) পাঁচ টকাৰ পলম মাচুল ভৰিব লাগে।
  • জন্ম বা মৃত্যু হোৱা স্থানতহে জন্ম বা মৃত্যুৰ পঞ্জীকৰণ কৰিব পাৰি।

অৱলোকন

ভাৰতত জন্ম আৰু মৃত্যুৰ পঞ্জীকৰণ কৰাটো বাধ্যতামূলক। জন্ম বা মৃত্যু হোৱা স্থানত ২১ দিনৰ ভিতৰত জন্ম বা মৃত্যুৰ পঞ্জীকৰণ কৰিব লাগে। এই পঞ্জীকৰণ পিছতো কৰিব পাৰি কিন্তু ইয়াৰ বাবে পলম মাচুল বহন কৰিবলগীয়া হয়।

যোগ্যতাৰ মাপকাঠি:

সেই ব্যক্তিক জন্মৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়-

  • যাৰ অভিভাৱক ভাৰতীয় নাগৰিক হয়।
  • ইয়াৰ বাবে নাৰ্ছিংহ’ম বা হাস্পতালৰ লাভ কৰা জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশনাৱলী:

  • জন্মৰ প্ৰমাণপত্ৰৰ বাবে: ইয়াত দিয়া ১ নং প্ৰ-পত্ৰ পূৰ কৰি নিম্নলিখিত ঠিকনাত দাখিল কৰিব লাগে।
  • মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে: ইয়াৰ বাবে আবেদনপত্ৰ পূৰ কৰি নিম্নলিখিত বিষয়াৰ হাতত দাখিল কৰিব লাগে।

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ:

  • নাৰ্ছিংহ’ম/ব্যক্তিগত চিকিৎসালয়ত জন্মগ্ৰহণ কৰিলে বা মৃত্যু হ’লে নাৰ্ছিংহ’ম/ ব্যক্তিগত চিকিৎসালয়ৰ পৰা প্ৰমাণপত্ৰৰ ৰূপত প্ৰদান কৰা তথ্য সহকাৰে ২১ দিনৰ ভিতৰত প্ৰ-পত্ৰ ১ পূৰ কৰি দাখিল কৰিব লাগে।
  • নাৰ্ছিংহ’ম বা ব্যক্তিগত চিকিৎসালয়ত জন্মগ্ৰহণ নকৰিলে বা মৃত্যুবৰণ নকৰিলে এই ঘটনাৰ উৎসৰ পৰা ২১ দিনৰ ভিতৰত পঞ্জীয়কক এই ঘটনাৰ বিষয়ে অৱগত কৰিব লাগে।

কেনেকৈ আবেদন কৰিব:

  • আবেদনকাৰীয়ে বিধিসংগতভাৱে প্ৰয়োজনীয় আবেদনপত্ৰ পূৰ কৰি কাৰ্য্যালয় খোলা থকা যিকোনো দিনত কাৰ্য্যালয়ৰ বিষয়াৰ হাতত এই আবেদনপত্ৰ দাখিল কৰিব লাগে।
  • প্ৰয়োজনীয় সত্যাসত্য কাৰ্য্যাৱলী কাৰ্য্যালয় খোলা থকাৰ সাতদিনৰ ভিতৰত সম্পন্ন কৰা হয়।
  • কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে আবেদন গ্ৰহণ বা প্ৰত্যাখ্যান কৰা বিষয়টো আবেদনকাৰীক কাৰ্য্যালয় খোলা থকাৰ ১৫ দিনৰ ভিতৰত অৱগত কৰা হয়।

সেৱাৰ প্ৰকাৰ:

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

প্ৰ-পত্ৰ নম্বৰ ১ জন্মৰ পঞ্জীকৰণৰ বাবে।

মৃত্যুৰ পঞ্জীকৰণৰ বাবে আবেদন প্ৰ-পত্ৰ।

কাৰ সৈতে যোগাযোগ কৰিব:

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ক
আৰু
মুখ্য স্বাস্থ্য বিষয়া
গুৱাহাটী পৌৰনিগম
তৃতীয় মহলা, জিএমচি মাৰ্কেট
ফাচীবজাৰ 
গুৱাহাটী ৭৮১ ০০১
অসম