চিহ্নাংকসূচী :
- প্ৰতিমাহে ১৪০ টকাৰ নূন্যতম মূল্যৰ পানীৰ সংযোগ লাভ কৰিব পৰা ব্যৱস্থা।
- পানী সংযোগৰ মেৰামতিৰ বাবে ইয়াত উল্লেখ কৰা ঠিকনালৈ আবেদন কৰিব লাগে।
- অবৈধভাৱে লোৱা সংযোগৰ বিৰুদ্ধে অভিযোগৰ বাবে ইয়াত উল্লিখিত ঠিকনাত আবেদন কৰিব লাগে।
অৱলোকন
বৰ্তমানে গুৱাহাটী মহানগৰীত পানী যোগান সুবিধা তিনিটা বিভাগে প্ৰদান কৰি আহিছে। এই বিভাগকেইটা হৈছে গুৱাহাটী পৌৰনিগম, অসম নগৰ পানী যোগান আৰু আৱৰ্জনা নিষ্কাষণ পৰিষদ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ। এই উপস্থিত বিভাগসমূহে ৩০ শতাংশ পৰিয়ালক সেৱা আগবঢ়াই আহিছে। পানী যোগান সেৱা গ্ৰহণৰ উপৰিও পৰিয়ালসমূহে প্ৰধানকৈ ভূমিজল আৰু টেংকাৰেৰে যোগান ধৰা পানীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে।
যোগ্যতাৰ মাপকাঠি:
এগৰাকী ব্যক্তিয়ে পানীৰ সংযোগ লাভৰ বাবে আবেদন কৰিবলৈ -
- বৰ্তমানলৈ প্ৰদান কৰা হোৱা খাজনা প্ৰদানৰ ৰচিদ থাকিব লাগিব।
- হোল্ডিং সবিশেষ থাকিব লাগিব।
প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশনা:
প্ৰ-পত্ৰ দাখিল কৰাৰ সময়ত আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো নথিপত্ৰ আগবঢ়াব লাগিব। অনলাইনযোগে আবেদন কৰিলে প্ৰয়োজনীয় সকলোবোৰ নথিপত্ৰ স্কেন কৰি সাজু কৰি তুলিব লাগিব।
মাচুল:
- নতুন সংযোগ আৰু অস্থায়ী সংযোগ এটি নিৰ্ধাৰিত মূল্যৰ ওপৰত নিৰ্ভৰ কৰে।
- অস্থায়ী সংযোগৰ সৈতে সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য।
- সংযোগ বিচ্ছিন্ন কৰিবলৈ কোনো মাচুল নালাগে।
প্ৰয়োজন হোৱা নথিপত্ৰসমূহ (যি প্ৰযোজ্য হয়) :
- ভূমি নথিপত্ৰ।
- মূল্য।
- পৰিচয়পত্ৰ।
- ঘৰৰ প্ৰমাণ (টেলিফোন মাচুল/বিদ্যুত মাচুল)।
- খাজনা প্ৰদানৰ ৰচিদ।
- ১২ ছেপ্টেম্বৰ ২০০৮ ৰ পিছত সম্পত্তিসমূহৰ মূল্যায়ন/পুনৰ মূল্যায়ন হোৱা বুলি কৰা স্ব-ঘোষণা।
কেনেকৈ আবেদন কৰিব
- অনলাইনযোগে আবেদন কৰাৰ আগতে এয়া নিশ্চিত কৰি লওক যে আটাইবোৰ প্ৰাসংগিক নথিপত্ৰ নিয়ম অনুসৰি স্কেন কৰি সাজু কৰি তোলা হৈছে।
- হস্তৰূপত দাখিল কৰিলে আবেদনপত্ৰ পূৰ কৰক।
- প্ৰ-পত্ৰ পূৰ কৰি দাখিল কৰাৰ ঠিকনা: মুখ্য অভিযন্তাৰ কাৰ্য্যালয়, গুৱাহাটী পৌৰনিগম পানী যোগান শাখা, পাণবজাৰ ১,
সেৱাৰ প্ৰকাৰ
এই সেৱাৰ প্ৰকাৰ অনলাইন। অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিবৰ বাবে, ইয়াত ক্লিক কৰক।
নতুন পানী যোগান সংযোগৰ প্ৰ-পত্ৰ ডাউনলোড কৰি লওক।
জগদীশ কুমাৰ
গুৱাহাটী পৌৰনিগম পানী যোগান শাখা
পাণবজাৰ
গুৱাহাটী ৭৮১ ০০১
দূৰভাষ: ৭০৮৬০৫৩৯৭৬