গুৱাহাটী অসমৰ ৰাজধানী আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে দুৱাৰমুখ। গৃষ্মৰ সময়ছোৱাত যেতিয়া প্ৰচণ্ড বৃষ্টিপাত হয় তেতিয়া এই মহানগৰ বানপানীৰ দ্বাৰা আক্ৰান্ত হয়। মেঘালয়ৰ পৰা বাগৰি অহা বৰষুণৰ পানী আৰু ইয়াক আৱৰি থকা পাহাৰে পথ আৰু পানী পৰিবাহী নলাসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে। ই পানী বন্ধ হৈ ৰোৱাৰ দৰে ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰে। চহৰৰ কিছুমান অঞ্চলত বহুদিনলৈ এনে কৃত্ৰিম বানপানী অব্যাহত থাকে আৰু ই বহু চৰকাৰী আৰু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে। গুৱাহাটী মহানগৰীত বিশেষকৈ ধুমুহাৰ দিনত আৰু বাৰিষা কালত এনে বানপানীৰ দুৰ্যোগৰ সৃষ্টি হয়।
এই সমস্যা বৰ্তমানে এক ৰাজহুৱা অভিযোগত পৰিণত হৈছে। দ্ৰুত নগৰীকৰণৰ লগে লগে গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ কাৰ্য্য দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ ধৰাৰ পৰিণতি স্বৰূপে গৃহ, পথ আৰু অন্যান্য সা-সুবিধাসমূহ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে জলাশয়সমূহ হ্ৰাস পাবলৈ ধৰিছে আৰু পানী পৰিবাহী নলা-নৰ্দমাসমূহো বন্ধ হোৱাৰ ফলস্বৰূপে বানপানীৰ সৃষ্টি হয়। তদুপৰি বৰ্ধিত জনসংখ্যাৰ বসবাসৰ উদ্দেশ্যে চহৰৰ অপৰিকল্পিত বিস্তৃতকৰণ আদি কাৰ্য্যই জলাহ ভূমিসমূহ আৰু বনাঞ্চলসমূহ সংকোচিত কৰি আনিছে। এই কাৰকসমূহে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। যোৱা কিছু দশকৰ পৰা গুৱাহাটীত এনে কৃত্ৰিম বানপানীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।
গুৱাহাটীত নগৰীয়া কৃত্ৰিম বানপানী হ্ৰাস কৰাৰ উদ্দেশ্যে আটাইবোৰ বিভাগ আৰু অংশীদাৰৰ সহযোগত ‘Mission Flood Free Guwahati’ অৰ্থাৎ ‘লক্ষ্য বানপানী মুক্ত গুৱাহাটী’ নামেৰে এটি আঁচনি আৰম্ভ কৰা হৈছে। ইয়াত জড়িত হৈ থকা বিভাগসমূহে কৃত্ৰিম বানপানী হ্ৰাস কৰাৰ উদ্দেশ্যে সহযোগিতাৰে কাম কৰিব।
এই কাৰ্য্যৰ বাবে বিশেষকৈ চাৰিটা বিভাগে দায়িত্বভাৰ গ্ৰহণ কৰিছে। বিভাগকেইটা হৈছে:
গুৱাহাটী পৌৰনিগম
- ভৰলু, মৰা ভৰলু, বশিষ্ঠ, বাহিনী আৰু লখিমীজানকে ধৰি পাঁচটা প্ৰধান সুঁতিৰ জাবৰ দূৰিকৰণেৰে দীঘ খণ্ড আৰু পথালি খণ্ডৰ উন্নয়ন সাধন।
- জাবৰ দূৰ কৰি নলাসমূহ মুকলি কৰা।
- নতুন নলা, পথ, কাষৰীয়া নলা আৰু কালভাৰ্টৰ নিৰ্মাণ কৰা।
- অট্টালিকা উপ-নিয়মৰ অধীনত নতুনকৈ নিৰ্মিত অট্টালিকাৰ ক্ষেত্ৰত বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা স্থাপন বাধ্যতামূলক কৰা।
- নগৰৰ বানপানী প্ৰতিৰোধৰ বাবে পানীৰ তলৰ ঠাই জাবৰ আঁতৰাই পৰিষ্কাৰ কৰা যন্ত্ৰৰ আহৰণ।
- চহৰৰ আটাইবোৰ পানী যোৱা নলাৰ খনন আৰু পৰিষ্কৰণ।
- পাম্প স্থাপন, ইয়াৰ পৰিচালনা আৰু ইয়াৰে কাৰ্য্য সম্পন্ন কৰা।
- পানী পৰিবাহী নলা, ৰাস্তা-ঘাট নিৰ্মাণ।
- জলসিঞ্চনৰ বাবে পাম্প আহৰণ।
জল সম্পদ বিভাগ
- পানী পৰিবাহী নলাত বা প্ৰাকৃতিকভাৱে পানী নিৰ্গমন স্থানত জলদ্বাৰ, পাম্পৰ নিৰ্মাণ আৰু ব্যৱহাৰ।
- পানী সিঁচা পাম্পৰ আহৰণ।
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
- জলভাগৰ আৱৰ্জনা পৰিষ্কৰণ, পানী বৈ যোৱা নলা, পাম্প গৃহ আদিৰ নিৰ্মাণ।
- গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত জলভাগৰ উন্নয়ন সাধন আৰু ইয়াৰ পানী ধৰি ৰাখিব পৰা ক্ষমতাৰ বিকাশ সাধন।
- বানপানী, ধুমুহাত সৃষ্টি হোৱা প্ৰলয়ংকৰী পানী ওলাই যাব পৰা ব্যৱস্থাৰ নিৰ্মাণেৰে বন্ধ পানীৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা।
- গুৱাহাটী মহানগৰীত স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰৰ সংৰোপণ।
- গুৱাহাটী মহানগৰীৰ পানী অধিক জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা অঞ্চলৰ পৰা পানী আঁতৰাবলৈ ২০ অটো প্ৰাইমিং এমএফ পাম্প অনা আৰু সংৰোপণ কৰা।
গড়কাপ্তানি বিভাগ
- পথ, নলা, গাৰ্ড ৱাল নিৰ্মাণ।
- Silt traps আৰু Trash screens ৰ ব্যৱস্থা গ্ৰহণ আৰু ইয়াৰ পৰিচালনা।
- ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ বাইপাছৰ ওচৰেৰে বৰষুণৰ পানী বৈ যাব পৰা নলা নিৰ্মাণ আৰু ইয়াৰ পৰিচালনা।
- ধুমুহা বৰষুণৰ পানী প্ৰবাহিত হোৱা নলাৰ সংযোগ ব্যৱস্থা স্থাপন।
- নলাসমূহত Silt pits আৰু Garbage traps ৰ ব্যৱহাৰ।