মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

স্বচ্ছ ভাৰত অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা

স্বচ্ছ ভাৰত অভিযান: গুৱাহাটী পৌৰনিগমৰ ভূমিকা

২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য স্থিৰ কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ দ্বাৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত সজাগতা সৃষ্টিৰ দিশত গুৰুত্ব আৰোপ কৰা হয়। স্বচ্ছ ভাৰত অভিযান নগৰীয়া আৰু গ্ৰাম্য অঞ্চলৰ বাবে ক্ৰমে নগৰ উন্নয়ন মন্ত্ৰণালয় আৰু খোৱা পানী আৰু অনাময় মন্ত্ৰণালয়ৰ দ্বাৰা সংসাধিত হৈ আহিছে।

এই উদ্দেশ্যে গুৱাহাটী পৌৰনিগমে ইতিমধ্যে এটি অনলাইন একাউণ্ট মুকলি কৰিছে যাৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযনৰ অধীনৰ বিভিন্ন কাৰ্য্যসমূহ তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। ৰাজহুৱা অনাময় ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰতি ৱাৰ্ডত অনাময় পৰিদৰ্শক/স্বচ্ছ ভাৰত অভিযান বিষয়া নিযুক্তি দিয়া হৈছে। এই বিষয়াসকলে তেওঁলোকৰ বাধ্যতামূলক কৰ্তব্য সম্পাদন কৰাৰ উপৰিও অভিযোগসমূহ পঞ্জীয়ন কৰে আৰু ইয়াৰ ওপৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে।

নগৰ অনাময় পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু মেয়ৰ-ইন-কাউন্সিলৰ পৰা অনুমোদন লাভ কৰিছে আৰু এই অনুমোদন স্বচ্ছ ভাৰত অভিযানৰ ৱেবচাইটত আপলোড কৰা হৈছে।

এই অভিযানৰ সম্পৰ্কত বিতং তথ্য লাভ কৰিবলৈ যোগাযোগ কৰক:

স্বচ্ছ ভাৰত অভিযান (নগৰ)
তৃতীয় মহলা, তৃপ্তি টাৱাৰ
গণেশগুৰি, গুৱাহাটী ৭৮১ ০০৫
দূৰভাষ: ৭০৮৬০৮০১০৮
ই-মেইল: sbmurbanassam@gmail.com
ৱেবচাইট: http://sbmurbanassam.in/

প্ৰধানমন্ত্ৰী আৱাস যোজনা:গুৱাহাটী পৌৰনিগমৰ ভূমিকা

৯ জুন ২০১৪ ত সংসদৰ যুটীয়া অধিৱেশনত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে কৰা সম্বোধনত তেওঁ ঘোষণা কৰিছিল – দেশে ইয়াৰ ৭৫ তম স্বাধীনতা সম্পূৰ্ণ কৰাৰ আগতে প্ৰতিটো পৰিয়ালে পানী সংযোগ, টয়লেট সুবিধা আৰু ২৪x৭ বিদ্যুত যোগান লাভ কৰিব। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ইয়াতে ২০২২ চনৰ ভিতৰত দেশে ৭৫ তম স্বাধীনতা উদযাপন কৰাৰ সময়ত সকলোৰে বাবে গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰে। এই লক্ষ্য পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা-সকলোৰে বাবে গৃহ’ নামেৰে এটি বিস্তৃত অভিযান আৰম্ভ কৰে।

গুৱাহাটী মহানগৰীৰ বাবে সকলোৰে বাবে গৃহ পৰিকল্পনাৰ প্ৰস্তুতি কাৰ্য্য গুৱাহাটী পৌৰনিগমে ইয়াৰ ক্ষেত্ৰৰ ভিতৰত চিনাক্ত কৰা ৫৬৬৫৬ গৰাকী হিতাধিকাৰী সদস্যক লৈ সম্পন্ন কৰে। গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে গুৱাহাটী পৌৰনিগমৰ সৈতে কামৰ বাবে জড়িত হোৱা বেচৰকাৰী সংগঠনসমূহে উপদেষ্টা আৰু ক্ষেত্ৰ সভা সদস্যৰ সহযোগত এই জৰুী জৰীপ কাৰ্য্য সম্পন্ন কৰে। HFAPoA প্ৰস্তুত কৰা হয় আৰু ভাৰত চৰকাৰৰ MoHUPA ত দাখিল কৰা হয়।

এটি অনুৰূপ আঁচনি, ৰাজীৱ আৱাস যোজনা দুটা অংশত ২০১০ চনৰ জুন মাহত আৰম্ভ কৰা হয় – দুই বছৰৰ প্ৰাৰম্ভিক ভাগ আৰু সংসাধন ভাগ। ৩১/০৩/২০১০ বৰ্ষত অনুষ্ঠিতব্য সভাত চেণ্ট্ৰেল স্যাংকশ্যনিং এণ্ড মণিটৰিং কমিটি (চিএছএমচি) য়ে ১৫২.৬৮ লাখ টকাৰ মঞ্জুৰি প্ৰদান কৰে। প্ৰাথমিক কাৰ্য্যসমূহ সম্পাদনৰ বাবে ৰাজীৱ আৱাস যোজনাৰ অধীনত প্ৰথম কিস্তি হিচাপে ৭৬.৩৪ লাখ টকা লাভ কৰা হয়।

প্ৰাৰম্ভিক কাৰ্য্য হিচাপে তলত উল্লিখিত কাৰ্য্যসমূহ লোৱা হয়:

  • ৰাজ্যিক/চহৰ ভিত্তিক কোষ গঠন। চহৰ ভিত্তিক প্ৰযুক্তি কোষ ছয়গৰাকী ডমেইন ইক্সপাৰ্টৰ দ্বাৰা গঠিত।
  • বস্তি জৰীপ আৰু বস্তিৰ নক্সা প্ৰস্তুত, বস্তিত তথ্য পদ্ধতিৰ উন্নিতকৰণ, সাম্প্ৰদায়িক সংহতি স্থাপন আৰু বস্তিমুক্ত চহৰ পৰিকল্পনাৰ প্ৰস্তুতিকৰণ। প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, হায়দৰাবাদৰ দ্বাৰা বস্তিমুক্ত চহৰ পৰিকল্পনা কাৰ্য্যৰ ৰূপ দিয়া হয়।
  • প্ৰধান আঁচনিসমূহৰ উদ্যোগ গ্ৰহণ: উজানবজাৰৰ হৰিজন ক’লনিত প্ৰায় দুই কোটি টকাৰ এক পাইলট প্ৰজেক্টৰ কাম ‘চিএলটিচি’ য়ে প্ৰস্তুত কৰে আৰু ‘চিএছএমচি’ য়ে ইয়াত অনুমোদন জনায়। এই পাইলট প্ৰজেক্টৰ উপৰি প্ৰায় পঞ্চাশ কোটি টকা মূল্যৰ তিনিটা পাইলট প্ৰজেক্টৰ কাম ‘চিএলটিচি’ য়ে প্ৰস্তুত কৰে আৰু ইয়াৰ অনুমোদনৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰে। ‘পিএমএৱাই’ ৰ অধীনত এয়া আকৌ দাখিল কৰা হ’ব।

অধিক জানিবলৈ

অফিচ অভ দ্য মিশ্বন ডিৰেক্টৰ, পিএমএৱাই-এইছএফএ (ইউ)
টোল-ফ্ৰী নাগৰিক হেল্পলাইন নম্বৰ
১৮০০-২১২-২৩৬৬
ৱেবচাইট: http://pmayuassam.in