এছিয়ান ডেভেলপমেণ্ট বেংকে নিধি প্ৰদান কৰা আসাম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম (এইউআইআইপি) হৈছে নগৰৰ পৰিৱেশ উন্নত কৰিবলৈ আৰু গুৱাহাটী আৰু ডিব্ৰুগড় চহৰৰ জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিবলৈ লক্ষ্য গ্ৰহণ কৰা অসম চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ নগৰ আন্তঃগাঁথনি উদ্যোগ।

লক্ষ্যসমূহ
এই বিনিয়োগ কাৰ্য্যসূচীয়ে ভাৰত চৰকাৰৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা (২০০৭-২০১২) পোষণ কৰে যিয়ে লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ দিশৰ প্ৰতিবন্ধকতাসমূহ চিনাক্তকৰণ কৰি উলিয়ায়। এই কাৰ্য্যসূচীৰ আৰ্হি ‘এডিবি’ ৰ Multi Tranche Financing Facility অনুসৰি গঠন কৰি উলিওৱা হৈছে। ইয়াৰ প্ৰথমটো আঁচনি ছয় বছৰীয়া কাৰ্য্যক্ৰম লৈ ২০১২ ৰ পৰা ২০১৭ লৈ সংসাধন কৰা হয় আৰু দ্বিতীয়টো আঁচনি পাঁচ বছৰীয়া কাৰ্য্যক্ৰম লৈ ২০১৫ ৰ পৰা ২০২০ লৈ সংসাধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়।
১ নং অংশৰ উপ-আঁচনিসমূহ
- গুৱাহাটী পানী যোগান উপ-আঁচনি (অংশ-১) প্ৰধান পাম্প স্থাপিত স্থান আৰু সেৱা প্ৰদান কাৰ্য্যত ব্যৱহৃত প্ৰধান জলাধাৰ আৰু ইয়াৰ পৰা বিতৰণৰ বাবে ব্যৱস্থা।
- ডিব্ৰুগড় জলনিৰ্গমন উপ-আঁচনি (অংশ-১) ডিব্ৰুগড় নগৰ সুৰক্ষা (ডিটিপি) ৰ বাবে জলনিৰ্গমন ব্যৱস্থাৰ অৰ্থে নতুন কালভাৰ্টৰ সংস্থাপন আৰু জলমাৰ্গৰ নিৰ্মাণ।
- ডিব্ৰুগড় গোটা আৱৰ্জনা উপ-আঁচনি: (ক) সঁজুলি আৰু বাহন আৰু (খ) গোটা আৱৰ্জনা নিষ্কাষণ ক্ষেত্ৰৰ উন্নয়ন সাধন।
২ নং অংশৰ উপ-আঁচনিসমূহ
- গুৱাহাটী পানী যোগান উপ-আঁচনি (অংশ-১) নদীৰ প্ৰৱেশ ঘটোৱা, ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট (ক্ষেত্ৰ পূৰকৰণ কাৰ্য্য আৰু নদী সংৰক্ষণ কাৰ্য্য সামৰি)।
- গুৱাহাটী পানী যোগান উপ-আঁচনি (অংশ-১) দক্ষিণ গুৱাহাটী-পূব মণ্ডলত পাইপলাইন বিতৰণ আৰু উপভোক্তাৰ পানীৰ মিটাৰ স্থাপন।
- দক্ষিণ গুৱাহাটীৰ পানী নিষ্কাষণ পদ্ধতিৰ উন্নিতকৰণ। দক্ষিণ গুৱাহাটীত বৰ্তমানে থকা ড্ৰেইন পদ্ধতি সমূহৰ উন্নতি সাধন কৰা।
- ডিব্ৰুগড় জলনিষ্কাষণ উপ-আঁচনি (অংশ-২) পানী নিষ্কাষণৰ প্ৰধান নলীৰ পুনৰ নিৰ্মাণ আৰু অস্থায়ী নলাসমূহৰ উন্নয়ন সাধন।
ক’ত যোগাযোগ কৰিব
অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচী
তৃতীয় মহলা, তৃপ্তি টাৱাৰ
গণেশগুৰি
গুৱাহাটী: ৭৮১ ০০৫, অসম
দূৰভাষ: +৯১-৭০৮৬০৮০১০৮
ই-মেইল: pmu.auiip@gmail.com
ৱেবচাইট: www.auiip.nic.in