মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

পানী যোগান আঁচনিসমূহ

গুৱাহাটীত থকা পানী যোগান আঁচনিসমূহ

পানীৰ উৎস স্থানWTP নামসংস্থাৰ নামআৰ্হিগত ক্ষমতা( MLD)সাম্প্ৰতিক ক্ষমতা( MLD)সামৰি লোৱা চহৰৰ অঞ্চলসমূহ
পাণবজাৰপাণবজাৰগুৱাহাটী পৌৰনিগম৪৫.০০২২.৫০অঞ্চলসমূহ: পাণবজাৰৰ অংশ, ফাচীবজাৰ, কুমাৰপাৰা, ভৰলুমুখ, কালিবাৰী, ৰিহাবাৰী, লাচিতনগৰ, গান্ধীবস্তি, শৰণীয়া, ৰাজগড় আৰু ছাত্ৰীবাৰী।
সাতপুখুৰীসাতপুখুৰীগুৱাহাটী পৌৰনিগম২২.৫০১৫.৭৫উজান বজাৰৰ অংশ, খাৰঘুলী, চেনিকুঠি, গুৱাহাটী ক্লাব, শিলপুখুৰী, নৱগ্ৰহ, দীঘলীপুখুৰী, নিজৰাপাৰ, চানমাৰি, হেদায়েৎপুৰ, মিলনপুৰ, বামুণীমৈদাম, ৰাজগড় পথ ইত্যাদি।
কামাখ্যাকামাখ্যাগুৱাহাটী পৌৰনিগম৪.৫০৩.০০নীলাচল পাহাৰৰ অংশ, কামাখ্যা মন্দিৰ অঞ্চল।
সাতপুখুৰীZOO RoadGMDW & SB১২.৬০৭.৫০ৰাধাগোবিন্দ বৰুৱা পথৰ অংশ, জু-নাৰাঙ্গী পথ, নাৰিকলবস্তি, গণেশগুৰি, হেঙেৰাবাৰী, সৰুমটৰীয়া, ৰুক্মিণীগাওঁ, জটিয়া, কাহিলিপাৰা, কছাৰীবস্তি (গণেশগুৰি), খ্ৰীষ্টানবস্তি, অনিল নগৰ, নৱীন নগৰ, লক্ষিনগৰ, তৰুণনগৰ, শ্ৰীনগৰ, অম্বিকাগিৰী নগৰ, ভাস্কৰনগৰ, সৰ্বোদয়নগৰ, মথুৰানগৰ, দ্বাৰকানগৰ, জাপৰিগোগ, নয়নপুৰ, ৰাজগড় পথ (পূব), জিএমচিএইছ পথ, শক্তিগড় আৰু ৰূপনগৰ।
পাণবজাৰপাণবজাৰPHED১১.২৫১২.১৫সচিবালয় আৰু দিশপুৰ কমপ্লেক্স, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ৰাজ্যিক চিৰিয়াখানা, প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা পুলিচ কমপ্লেক্স ইত্যাদি।
পাণ্ডুগুৱাহাটী বিশ্ববিদ্যালয়PHED৪.৫০৪.০০গুৱাহাটী বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ইত্যাদি।
পাণ্ডুৰাষ্ট্ৰীয় ক্ৰীড়া গ্ৰামPHED৩.০০৩.০০ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ বৰসজাইত অৱস্থিত ক্ৰীড়া গ্ৰাম আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ সৰুসজাইত অৱস্থিত ৰাষ্ট্ৰীয় ক্ৰীড়া ষ্টেডিয়াম।
আমিনগাওঁউত্তৰ গুৱাহাটীPHED৪.৫০৪.৫০উত্তৰ গুৱাহাটীৰ অঞ্চলসমূহ, অশ্বক্লান্ত মন্দিৰ অঞ্চল।

সম্পাদিত হৈ থকা গুৱাহাটীৰ পানী যোগান আঁচনিসমূহ

পানীৰ উৎসৰ স্থানWTP ৰ স্থানকাৰ্য্য সম্পাদনকাৰী সংস্থাৰ নামনিধি প্ৰদানকাৰী সংস্থাMLD ৰ আৰ্হিগত ক্ষমতামণ্ডলসামৰি ল’বলগীয়া চহৰৰ অঞ্চলসমূহ
পাণ্ডুসদিলাপুৰগুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষJnNURM১০৭দক্ষিণ পশ্চিম গুৱাহাটীভৰলুমুখ, শান্তিপুৰ, কালিপুৰ, মালিগাওঁ, গোটানগৰ, পাণ্ডু, আদাবাৰী, শংকৰনগৰ, জালুকবাৰী, তেতেলীয়া, দেৱকোটা নগৰ, বৰাগাওঁ, সুন্দৰবড়ি, গড়চুক, কাটাহবাৰী, মনপাৰা, দঁতালপাৰা, গণেশপাৰা, ধীৰেনপাৰা, ফটাশীল আমবাৰী, গোপীনাথ বৰদলৈ নগৰ, আজৰা, খোনামুখ, বেজপাৰা, গৰীগাওঁ, বিদ্যাপুৰ, ধাৰাপুৰ, কৈলাশপুৰ, যোগীপাৰা, মিৰ্জাপুৰ, বৰঝাৰ ইত্যাদি।
খাৰঘুলীখাৰঘুলীগুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষJICA১৯১দক্ষিণ মধ্যম গুৱাহাটীবামুণীমৈদাম, চানমাৰি, শিলপুখুৰী, ড° বি বৰুৱা পথ, গান্ধীবস্তি, দীঘলীপুখুৰী, পল্টনবজাৰ, ৰিহাবাৰী, চেৰাবভাটী, বিৰুবাৰী, ৰূপনগৰ, উলুবাৰী, শৰণীয়া, ৰাজগড়, লাচিতনগৰ, অনিলনগৰ, নৱীননগৰ, কালাপাহাৰ, নৰকাসুৰ, লালগণেশ, ওদালবাক্ৰা, দক্ষিণগাওঁ, জ্যোতিকুছি, সোণাইঘুলি, খাৰঘুলী, উজানবজাৰ, চেনিকুঠি, পাণবজাৰ, ফাচীবজাৰ, মাছখোৱা, আঠগাওঁ, ভৰলুমুখ, ফটাশিল আমবাৰী, ধীৰেনপাৰা, গণেশপাৰা, মনপাৰা, দঁতালপাৰা, কাটাহবাৰী, গড়চুক, বেতকুছি, লখৰা, সৰুসজাই, বেহৰবাৰী, বৰসজাই, ভেটাপাৰা, হাতীগাওঁ, ভেটাপাৰা-হাতীগাওঁ পথ (পশ্চিম), লখিমীনগৰ, কাহিলিপাৰা, গণেশগুৰী, খ্ৰীষ্টানবস্তি, শ্ৰীনগৰ, তৰুণ নগৰ, ভঙাগড়, সৰুমটৰীয়া, দ্বাৰকানগৰ, মথুৰানগৰ, ছয়মাইলৰ কিছু অংশ, ভিআইপি ৰোড (পশ্চিম), চছল, বৰবৰী, হেঙেৰাবাৰী, জাপৰিগোগ, ৰাধাগোবিন্দ বৰুৱা পথ, জু-নাৰাঙ্গী পথ, ভাস্কৰনগৰ, নাৰিকলবস্তি, গীতানগৰ, ফৰেষ্টগেট, নাৰাঙ্গী, পাথৰকুয়েৰী।
ভাৰতীয় তেল নিগম লিমিটেড গেট, ছেক্টৰ-১, গুৱাহাটী শোধনাগাৰচূণচালিAUIIPADB৯৮দক্ষিণ পূব গুৱাহাটীবশিষ্ঠ, বনগাওঁ, কুণ্ডিল নগৰ, কৃষ্ণপুৰ, কইনাধৰা, বেলতলা, জয়ানগৰ, ছাৰ্ভে, লাষ্টগেট, দিশপুৰ, ভেটাপাৰা হাতীগাওঁ পথ (পূব), ৰুক্মিণীগাওঁ, ৰুক্মিণীনগৰ, ছয়মাইল, খানাপাৰা, জুৰিপাৰ, বাঘৰবাৰী, নৱজ্যোতিনগৰ, পাঞ্জাবাৰী, বতাহঘুলি, ভিআইপি ৰোড (পূব), ৰাঘানগৰ, বৰবাৰী, পাথৰকুয়েৰী, সাতগাওঁ, নাৰেঙ্গী, বীৰকুছি, নুনমাটি, জ্যোতিনগৰ, কল্প ভট্ট পথ, শালবাৰী, গোপালনগৰ, চূণচালি, নিউ গুৱাহাটী, বামুণীমৈদাম ইত্যাদি।
মাজগাওঁমাজগাওঁGMDAJICA৩৭উত্তৰ গুৱাহাটীআমিনগাওঁ, মাজগাওঁ, দৌলগোবিন্দ মন্দিৰ ক্ষেত্ৰ, অশ্বক্লান্ত মন্দিৰ ক্ষেত্ৰ, গৌৰীপুৰ, মধ্যমখণ্ড, কদমতল, ভেটামুখ, বটলিং প্লেণ্ট ৰোড, কলেজ নগৰ ৰোড, শিলসাঁকো, টিলিং গাওঁ, ঘোঁৰামাৰা, ৰজাদুৱাৰ, ৰঙমহল, ৰুদ্ৰেশ্বৰ, বিহলংগনি, অভয়াপুৰ ইত্যাদি।

গুৱাহাটী মহানগৰ ক্ষেত্ৰসমূহত বহনযোগ্য মূল্যত নিৰ্ভৰযোগ্য, নিৰাপদ ৰূপত আৰু অবিৰতভাৱে (২৪x৭) পানী যোগান সেৱা প্ৰদান কৰিবলৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ নিধিৰে ((জেএনএনইউআৰএম) দক্ষিণ পশ্চিম অঞ্চলসমূহৰ বাবে, (জেআইচিএ) উত্তৰ আৰু দক্ষিণ কেন্দ্ৰীয় অঞ্চলসমূহৰ বাবে আৰু (এডিবি) দক্ষিণ পূব অঞ্চলসমূহৰ বাবে) চাৰিটা প্ৰধান পানী যোগান আঁচনি গ্ৰহণ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই বৰ্তমানে স্বতন্ত্ৰ আঁচনি পৰিচালনা পৰামৰ্শদাতা/সংসাধন গোটৰ সহযোগত এই আঁচনিসমূহৰ সংসাধনৰ কাম কৰি আছে। এই সংসাধন কাৰ্য্য সম্পন্ন হোৱাৰ পিছত এই সা-সুবিধাসমূহৰ সম্পাদন আৰু পৰিচালনাৰ দায়িত্ব গুৱাহাটী জল পৰিষদে পালন কৰিব। নক্সাত দেখুওৱা ধৰণে বিভিন্ন ধৰণৰ পুঁজি লাভ কৰা এই পানী যোগান আঁচনি ‘জিএমএ’ ত বিভিন্ন মণ্ডলত বিভক্ত কৰা হয়।

‘জেআইচিএ’ ৰ দ্বাৰা নিধি লাভ কৰা গুৱাহাটী পানী যোগান আঁচনি

‘পিআইইউ’ ৰ দ্বাৰা পৰিচালিত হোৱা উত্তৰ মণ্ডল আৰু দক্ষিণ মণ্ডল পানী যোগান আঁচনিত ‘জেআইচিএ’ ই নিধি প্ৰদান কৰিছে। ‘জেআইচিএ’ ই গুৱাহাটী পানী যোগান আঁচনিত সাহাৰ্য্য আগবঢ়ায়।

কাৰ সৈতে যোগাযোগ কৰিব

আঁচনি সঞ্চালক
আঁচনি সংসাধন গোট
জেআইচিএ সাহাৰ্য্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনি
খ্ৰীষ্টানবস্তি, গুৱাহাটী ৭৮১ ০০৫
ৱেবচাইট: Guwahati Drinking Water and Sewerage Board

‘এডিবি’ ৰ দ্বাৰা নিধিপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনি

পিএমইউ, আসাম আৰবান ইনফ্ৰাচষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম (এইউআইআইপি) ৰ দ্বাৰা পৰিচালিত গুৱাহাটী পানী যোগান আঁচনিত ‘এডিবি’ য়ে নিধি প্ৰদান কৰে।

কাৰ সৈতে যোগাযোগ কৰিব

আঁচনি সঞ্চালক
অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচী (আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম)
তৃতীয় মহলা, তৃপ্তি টাৱাৰ
গণেশগুৰি, গুৱাহাটী
দূৰভাষ: ৭০৮৬০৮০১০৮ (কাৰ্য্যালয়)
ৱেবচাইট: http://auiip.nic.in

‘জেএনএনইউআৰএম’ ৰ দ্বাৰা নিধি লাভ কৰা গুৱাহাটী পানী যোগান আঁচনি

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই আঁচনি পৰিচালন পৰামৰ্শদাতা, টহল কনচাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডৰ সৈতে দক্ষিণ গুৱাহাটী পানী যোগান আঁচনিৰ নিৰীক্ষণ কৰি আছে। ‘জেএনএনইউআৰএম’ ৰ অধীনৰ ৩৯৮.৪৮ কোটি টকাৰ প্ৰথম ডিপিআৰ নগৰ উন্নয়ন মন্ত্ৰণালয়ত ডিচেম্বৰ ২০০৭ ত দাখিল কৰা হয়। ‘জেএনএনইউআৰএম’ ৰ কাৰ্য্যক্ৰমৰ অধীনৰ এই নিধি অপ্ৰচুৰ হোৱাত ভাৰত চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰণালয় (MoUD) ই ২৮০.৯৪ কোটি টকা ব্যয়সাপেক্ষে ২০০৮ ত এই আঁচনি সম্পূৰ্ণ কৰে। এই আঁচনি গেমন ইণ্ডিয়া লিমিটেডলৈ ‘টাৰ্ণকী’ নিয়মত আগবঢ়োৱা হয়।

কাৰ সৈতে যোগাযোগ কৰিব

মুখ্য কাৰ্য্যবাহী বিষয়া
তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ ,ভঙাগড়
গুৱাহাটী ৭৮১ ০০৫
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
ফেক্স: ০৩৬১-২৫২৯৯৯১
ই-মেইল: ceogmdaghy@gmail.com
ৱেবচাইট: GMDA Website