অসমৰ ৰাজধানী চহৰ গুৱাহাটী উত্তৰ-পূব ভাৰতৰ জনসংখ্যা, পৰিবহণ সংযোগ আৰু strategic location ৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্তপূৰ্ণ। বিশাল ব্ৰহ্মপুত্ৰ আৰু পাহাৰেৰে সৈতে গুৱাহাটী এখনি সুন্দৰ চহৰ। আভ্যন্তৰীণ আৰু বাহ্যিক ভিন্নমুখী উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীয়ে ইয়াত উদ্ভৱ হোৱা সমস্যাসমূহলৈ গুৰুত্ত আৰোপ কৰিবই লাগিব আৰু নতুনকৈ উদ্ভাসিত হোৱা আৰ্থ-সামাজিক অৱস্থাসমূহ ইয়াৰ নিজৰ দৃষ্টিৰে চাব লাগিব। গুৱাহাটী মহানগৰীয়ে ৰাজ্যৰ ৰাজধানী চহৰ হিচাপে অন্যান্য ৰাজ্যৰ ৰাজধানীসমূহৰ সৈতে ফেৰ মাৰিব পাৰিব লাগিব আৰু উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে এই মহানগৰীয়ে ইয়াৰ কাৰ্য্যসমূহ সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব লাগে।
দ্ৰুত নগৰীকৰণৰ সৈতে মোকাবিলা কৰিবলৈ আৰু নগৰৰ সৈতে জড়িত বিষয়সমূহৰ বাবে ৰাজ্য চৰকাৰে বৃহত্তৰ গুৱাহাটীৰ বাবে ‘অসম টাউন এণ্ড কাণ্ট্ৰি প্লেনিং এক্ট ১৯৫৯’ ৰ দশম খণ্ডৰ অধীনত ১৯৬৫ চনত মাষ্টাৰ প্লেন প্ৰস্তুত কৰে। এই পৰিকল্পনাই ১৯৮৬ চনৰ লক্ষ্য গ্ৰহণ কৰে। গুৱাহাটীৰ বাবে সংশোধিত ৰূপৰ চূড়ান্ত মাষ্টাৰ প্লেন আৰু অঞ্চলভিত্তিক নিয়ম খণ্ড ১৪ ৰ অধীনৰ ক্ষমতাৰ প্ৰয়োগ অনুসৰি আৰু অসম টাউন এণ্ড কাণ্ট্ৰি প্লেনিং এক্টৰ খণ্ড ১০ ৰ উপখণ্ড (২) অনুসৰি ‘টাউন এণ্ড কাণ্ট্ৰি প্লেনিং অৰগেনাইজেশ্যন’ য়ে প্ৰস্তুত কৰি উলিয়ায়। এই একেই পৰিকল্পনা ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰি উলিয়ায়। গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰীটি (যি গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰীটি আইন ১৯৮৫ ৰ অধীনত গঠিত হয়) ক মাষ্টাৰ প্লেনৰ সংসাধনৰ বাবে অৱশেষত ২০০১ ক লক্ষ্য কৰি লৈ অৰ্পণ কৰা হয়। গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰীটি আইন ১৯৮৫ ৰ অধীনত সম্প্ৰতি ২০২৫ চনক লক্ষ্য কৰি লৈ গুৱাহাটী মেট্ৰ’পলিটান অঞ্চলৰ বাবে বিস্তৃত মাষ্টাৰ প্লেন বা কমপ্ৰিহেনশ্বিভ মাষ্টাৰ প্লেন (CMP) নামেৰে সংশোধিত ৰূপৰ আঁচনি যুগুতাই এই পৰিকল্পনাৰ কাম আৰম্ভ কৰা হৈছে।
যিমান দূৰ সম্ভৱ পাহাৰ, জলৰাশি আৰু বিশাল ব্ৰহ্মপুত্ৰ সংৰক্ষণ কৰা।
নতুন টাৰমিন্যালেৰে সংলগ্ন হোৱা মাল্টি মডেল ট্ৰ্যান্সপোৰ্ট ব্যৱস্থাৰ অংশ হিচাপে চহৰখনক আধুনিক ট্ৰ্যানজিত ব্যৱস্থা প্ৰদান কৰা হৈছে। ইয়াত গাড়ী ৰখোৱা কাৰ্য্য সঠিক ভাৱে নিয়মৰ ভিতৰত কৰিব লাগিব।
ইয়াৰ অধীনৰ প্ৰাথমিক লক্ষ্য হৈছে ১০০ শতাংশ পৰিয়াল সামৰি লৈ পানী যোগান আৰু আৱৰ্জনা নিষ্কাষণৰ নলা সংযোগ যোগানৰ সেৱা প্ৰদান কৰা। সকলো ধৰণৰ আৱৰ্জনা নিষ্কাষণৰ বাবে Solid Waste Management পদ্ধতি প্ৰদান কৰা হ’ব। আৱৰ্জনা মুক্ত নলা নৰ্দমা, শিক্ষা, স্বাস্থ্য, সুৰক্ষা, সামাজিক আৰু সাংস্কৃতিক সুবিধাসমূহ শ্ৰেণীবদ্ধ শৃংখলাৰে চহৰত প্ৰদান কৰাটো ইয়াৰ লক্ষ্য।
হোলচেল বজাৰ স্থাপনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত নতুন নগৰৰ বিকাশ সাধন, উত্তৰ-পশ্চিমত উদ্যোগৰ বিকাশ সাধন, বিশেষ অৰ্থনৈতিক মণ্ডল (এছ ই জেড), দক্ষিণ-পশ্চিমত তথ্য প্ৰযুক্তি আৰু ব্যৱসায়ীক কেন্দ্ৰসমূহৰ বিকাশ সাধন।
ইয়াত দীপৰ বিল আৰু পাৰ্বত্য অঞ্চলসমূহ, কামাখ্যা আৰু খাৰঘুলী লগতে নদী শাখা প্ৰশাখাসমূহ প্ৰদৰ্শন কৰা হয়। চহৰত খেল ধেমালি আৰু মনোৰঞ্জনৰ ঠাইসমূহ ভাগে ভাগে বিতৰণ কৰা হৈছে। এন জি বাইপাছ আৰু বহুমহলীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠান সমৃদ্ধ অট্টালিকাৰ সুবিধাৰে সৈতে উচ্চ মানদণ্ডৰ নগৰীয়া নক্সাৰ আৰ্হি প্ৰস্তুত কৰি তোলা হৈছে।
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
ভঙাগড়, ষ্টেটফেড বিল্ডিং
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ, ভঙাগড়
গুৱাহাটী, অসম ৭৮১ ০০৫
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০
ই-মেইল: ceo.gmda-as@nic.in
অধিক জানিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ৰ ৱেবচাইট দৰ্শন কৰক।