মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

এএছচিআৰডিএ

গুৱাহাটী মহানগৰী অকল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে কেন্দ্ৰবিন্দু। গুৱাহাটীক আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কিছুমান গুৰত্বপূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ বিষয়ে ১৫ আগষ্ট ২০১৬ ত ভাৰতৰ ৭০ তম স্বাধীনতা দিৱস উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহক সামৰি লৈ ‘ষ্টেট কেপিট্যাল ৰেজিয়ন’ গঠন কৰাৰ বিষয়ে ঘোষণা কৰে।

লক্ষ্যসমূহ

আসাম ষ্টেট কেপিট্যাল ৰেজিয়ন ডেভেলপমেণ্ট অথৰিটি (এএছচিআৰডিএ) গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী পৌৰনিগম, অন্যান্য নগৰ উন্নয়ন কৰ্তৃপক্ষ, অন্যান্য স্থানীয় নগৰ সমিতি ইত্যাদি সংস্থাৰ সহযোগত ‘এএছচিআৰ’ ৰ ক্ষেত্ৰসমূহৰ পৰিকল্পনা, সমন্বয় সাধন, উন্নয়নৰ সঠিক পৰ্যবেক্ষণৰ উদ্দেশ্য আগত লৈ গঢ়ি তোলা হয়।

অগ্ৰগতি

‘এএছচিআৰডিএ’ ৰ গঠনৰ বাবে এই সম্পৰ্কত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত গুৱাহাটী উন্নয়ন বিভাগে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ জৰিয়তে এএছচিআৰডিএ বিল ২০১৭ ৰ খচৰা প্ৰস্তুত কৰে। এএছচিআৰডিএ বিল ২০১৭ ৰ খচৰা চৰকাৰে কেবিনেট অনুমোদন আৰু ৰাজ্যিক বিধানসভাৰ অনুমোদনৰ বাবে আগবঢ়াব।

এএছচিআৰডিএ বিলৰ খচৰাত প্ৰস্তাৱিত আসাম ষ্টেট কেপিট্যাল ৰেজিয়ন সমূহ তলত দিয়া ধৰণৰ:

  • কামৰূপ মহানগৰ জিলা (সকলোবোৰ চক্ৰ সামৰি লৈ)
  • কামৰূপ জিলা (হাজো, পলাশবাৰী, ৰঙিয়া, গৰৈমাৰী, ছয়গাঁও, বকোঁ, উত্তৰ গুৱাহাটী, কমলপুৰ আৰু কয়া চক্ৰ)
  • নলবাৰী জিলা (বৰক্ষেত্ৰী, নলবাৰী, পশ্চিম নলবাৰী, ঘগ্ৰাপাৰ, বৰভাগ, বানেকুছি চক্ৰ)
  • দৰং জিলা (চিপাঝাৰ চক্ৰ)
  • মৰিগাওঁ জিলা (মায়ং আৰু মৰিগাওঁ চক্ৰ)