মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ

বাণিজ্যৰ অনুজ্ঞাৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • জিএমএ ক্ষেত্ৰত যিকোনো ব্যৱসায় বাণিজ্য কৰিবলৈ বাণিজ্য অনুজ্ঞাপত্ৰ অত্যাৱশ্যকীয়।
  • অনলাইন নতুবা অফলাইনযোগেও ইয়াৰ বাবে আবেদন কৰিব পাৰি।

অৱলোকন

অনুজ্ঞাপত্ৰ হৈছে এক প্ৰমাণপত্ৰ যি ব্যৱসায় এটা চলাবৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। গুৱাহাটীত বাণিজ্যৰ অনুজ্ঞাপত্ৰ গুৱাহাটী পৌৰনিগমে প্ৰদান কৰে। এটি ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে বাণিজ্যৰ অনুজ্ঞাৰ বাবে আবেদন কৰাটো অত্যাৱশ্যকীয় বিষয়।

নিৰ্দেশনাৱলী:

প্ৰ-পত্ৰ দাখিল কৰোতে প্ৰয়োজনীয় আটাইবোৰ নথিপত্ৰ জমা দিব লাগে। অনলাইনযোগে আবেদনৰ বাবে প্ৰ-পত্ৰ পূৰ কৰিলে আটাইবোৰ নথিপত্ৰ স্কেন কৰি সাজু কৰি তুলিব লাগে: বাণিজ্যৰ অনুজ্ঞাৰ সৱিশেষ.

মাচুল:

প্ৰয়োজন হোৱা নথিপত্ৰ:

  • আবেদনকাৰীৰ পৰিচয় প্ৰমাণ (পেনকাৰ্ড/চালকৰ অনুজ্ঞাপত্ৰ/পাছপোৰ্ট/বেংকৰ পাছবুক)।
  • আবেদনকাৰীৰ ঠিকনা প্ৰমাণ (চালকৰ অনুজ্ঞাপত্ৰ/পাছপোৰ্ট/বেংক পাছবুক/অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিল)।
  • পাছপোৰ্ট ফটোগ্ৰাফ (এজনীয়া গৰাকীৰ বাবে) নতুবা যুটীয়া আলোকচিত্ৰ (যুটীয়া গৰাকীৰ বাবে)।
  • কোম্পানী/ফাৰ্ম/চছাইটিৰ বাবে (পঞ্জীয়ন প্ৰমাণপত্ৰ)।
  • সম্পত্তিৰ খাজনা আদায়ৰ শেহতীয়া খাজনা ৰচিদ (বাণিজ্যিক/ব্যৱসায়ীক/উদ্যোগিক)।
  • চেকলিষ্টতনিৰ্দেশনা প্ৰদান কৰা অনুসৰি অন্যান্য নথিপত্ৰসমূহ।

বৈধ সময়সীমা:

  • এটা বিত্তীয় বৰ্ষৰ বাবে ই বৈধ থাকে, প্ৰথম এপ্ৰিলৰ পৰা অনাগত বৰ্ষৰ ৩১ মাৰ্চলৈকে।

অনুজ্ঞাপত্ৰৰ নৱীকৰণ:

ইয়াৰ সবিশেষ পূৰ কৰি আবেদনপত্ৰ অনলাইনযোগে নতুবা গুৱাহাটী পৌৰনিগমৰ কাৰ্য্যালয়ত দাখিল কৰিব লাগে। এই প্ৰক্ৰিয়াত দুই প্ৰকাৰৰ মাচুল সংগ্ৰহ কৰা হয় :
(১) আবেদন মাচুল ১০০ টকা।
(২) ব্যৱসায়ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অনুজ্ঞা মাচুল।

অবিকল অনুজ্ঞাপত্ৰ :

গুৱাহাটী পৌৰনিগমৰ নিৰ্দিষ্ট এলেকাৰ ডিচি লৈ এফিডেফিট আৰু ঠিকনা প্ৰমাণপত্ৰৰে সৈতে আবেদনপত্ৰ পঠিয়াব লাগে। ইয়াৰ বাবে ২০০ টকাৰ মাচুল প্ৰদান কৰিব লাগে।

সেৱাৰ প্ৰকাৰ :

আবেদনপত্ৰ অনলাইনযোগে আৰু মণ্ডল কাৰ্য্যালয়ত দাখিল কৰিব পাৰি। অনলাইন পূৰণ কৰিবৰ বাবে, ইয়াত ক্লিক কৰক।

কাৰ সৈতে যোগাযোগ কৰিব:

(১) কেন্দ্ৰীয় মণ্ডল: গুৱাহাটী পৌৰনিগম, মুখ্য কাৰ্য্যালয়, পাণবজাৰ, গুৱাহাটী ৭৮১ ০০১
(২) পূব মণ্ডল:
গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, জু-ৰোড, গুৱাহাটী
(৩) দক্ষিণ মণ্ডল:
গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, দক্ষিণ শৰণীয়া, গুৱাহাটী
(৪) পশ্চিম মণ্ডল:
গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, ভূতনাথ, শান্তিপুৰ, গুৱাহাটী ৭৮১ ০০৯
(৫) দিশপুৰ মণ্ডল:
গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, ছুপাৰ মাৰ্কেট, দিশপুৰ, গুৱাহাটী
(৬) লখৰা মণ্ডল:
গুৱাহাটী পৌৰনিগম কাৰ্য্যালয়, লখৰা তিনিআলি, গুৱাহাটী

যোগাযোগৰ সৱিশেষ পাবৰ বাবে ক্লিক কৰক: মণ্ডলসমূহৰ প্ৰমুখ